মুখ্যপৃষ্ঠা »খবৰ »দেশ »Corona Virus India: সকলো অভিলেখ ভংগ! যোৱা ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হ'ল ১,৪৪,৮২৯গৰাকী লোক, শুকুৰবাৰে অসমত আক্ৰান্তৰ সংখ্যা ২৮১

Corona Virus India: সকলো অভিলেখ ভংগ! যোৱা ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হ'ল ১,৪৪,৮২৯গৰাকী লোক, শুকুৰবাৰে অসমত আক্ৰান্তৰ সংখ্যা ২৮১

Source-Google

Source-Google

শুকুৰবাৰৰ দিনটোত অসমত নতুনকৈ কোৰোণাত আক্ৰান্ত হ'ল ২৮১গৰাকী লোক। ইয়াৰে ১৫৩গৰাকী লোক কামৰূপ মহানগৰ জিলাৰ।

  • Share this:
সমগ্ৰ দেশতে কোৰোণাৰ ভয়াৱহ ৰূপ। প্ৰতিদিনাই হোৰাহোৰে বাঢ়িছে আক্ৰান্ত লোকৰ সংখ্যা। সকলো অভিলেখ ভংগ কৰি বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশৰ ১,৪৪,৮২৯গৰাকী লোক আক্ৰান্ত হ'ল কোৰোণা ভাইৰাছত। সেইদৰে শুকুৰবাৰৰ দিনটোত অসমত নতুনকৈ কোৰোণাত আক্ৰান্ত হ'ল ২৮১গৰাকী লোক। ইয়াৰে ১৫৩গৰাকী লোক কামৰূপ মহানগৰ জিলাৰ।

কোৰোণা ভাইৰাছৰ এনে ভয়ংকৰ সংক্ৰমণে বেয়াকৈ ক্ষতি কৰিছে দিল্লীৰ লগতে সৰ্বমুঠ ৭ খন ৰাজ্যক। শুকুৰবাৰৰ দিনটোত কেৱল মহাৰাষ্ট্ৰতে ৫৯ হাজাৰ লোক নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে। সেইদৰে ৩০১গৰাকী ৰোগীয়ে সাৱটিছে মৃত্যু। আনহাতে উত্তৰপ্ৰদেশত শুকুৰবাৰে ৮,৫২১গৰাকী লোক কোৰোণাত আক্ৰান্ত হৈছে।

সৰ্বাধিক কোৰোণাই ক্ষতি কৰা ৰাজ্য-
মহাৰাষ্ট্ৰ- সৰ্বমুঠ ৩,২৮৮,৫৪০ কেচ।
কেৰালা- ১,১৫৪,৫৯৪ কেচ।
কৰ্ণাটক- ১,০৩৩,৫৬০ কেচ।
অন্ধ্ৰ প্ৰদেশ- ৯১৩,২৪৭ কেচ।
তামিলনাডু- ৯১১,১১০ কেচ।

শেহতীয়া বাতৰি