মুখ্যপৃষ্ঠা »খবৰ »দেশ »উত্তৰ-পূবৰ কোভিড পৰিস্থিতিক লৈ চিন্তিত কেন্দ্ৰ; যোৱা সপ্তাহত অসমৰ ৪ জিলাত আক্রান্তৰ হাৰ ১০ শতাংশৰো অধিক 

উত্তৰ-পূবৰ কোভিড পৰিস্থিতিক লৈ চিন্তিত কেন্দ্ৰ; যোৱা সপ্তাহত অসমৰ ৪ জিলাত আক্রান্তৰ হাৰ ১০ শতাংশৰো অধিক 

দেশত সাপ্তাহিক  আক্রান্তৰ হাৰ ১০শতাংশতকৈ অধিক থকা জিলা ৬৬খন; তাৰে ৪০খনেই উত্তৰ পূৱৰ 

দেশত সাপ্তাহিক  আক্রান্তৰ হাৰ ১০শতাংশতকৈ অধিক থকা জিলা ৬৬খন; তাৰে ৪০খনেই উত্তৰ পূৱৰ 

দেশত সাপ্তাহিক  আক্রান্তৰ হাৰ ১০শতাংশতকৈ অধিক থকা জিলা ৬৬খন; তাৰে ৪০খনেই উত্তৰ পূৱৰ 

  • Share this:
উত্তৰ পূৰ্বাঞ্চলৰ Covid পৰিস্থিতিকলৈ অতি সম্প্ৰতি চিন্তিত হৈ পৰিছে কেন্দ্ৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আজি জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে এক চিন্তাজনক ছবি। যোৱাটো সপ্তাহত (২জুলাইৰ পৰা ৮জুলাই) চাৰিখন জিলাৰ আক্রান্তৰ হাৰ ১০শতাংশৰ অধিক। সেইদৰে অৰুণাচল প্ৰদেশৰ ১০খন জিলা, মণিপুৰৰ ৯খন জিলা, মেঘালয়ৰ ৬খন জিলা, ত্ৰিপুৰাৰ ৩খন জিলা,  মিজোৰামৰ ২খন আৰু নাগালেণ্ডৰ ১খন জিলাত যোৱাটো সপ্তাহৰ আক্রান্তৰ হাৰ ১০শতাংশৰ অধিক। সমগ্ৰ দেশত সাপ্তাহিক  আক্রান্তৰ হাৰ ১০ শতাংশতকৈ অধিক থকা জিলা ৬৬খন। তাৰে ৪০ খনেই উত্তৰ পূৱৰ।

আনহাতে যোৱা ৭দিনত ৮০ শতাংশ নতুন আক্রান্ত লোক দেশৰ ৯০ খন জিলাৰ পৰা পোৱা গৈছে। তাৰে ৪ খন জিলা অসমৰ। উল্লেখযোগ্য যে, ভাৰতবৰ্ষই এতিয়ালৈ ১৮বছৰৰ উৰ্ধ্বৰ ৩৭ শতাংশ লোকক এটা ডোজ হ'লেও প্ৰতিষেধক প্ৰদান কৰিলে। দুটা পালি লোৱা লোকৰ পৰিসংখ্যা ৭.০৩ শতাংশ।

আনহাতে গৰ্ভৱতী মহিলাক Covid-19ৰ ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে  নীতি আয়োগৰ সদস্য ডা৹ ভি কে পলে ।  তেওঁ কয় - গৰ্ভৱতী মহিলা Covid-19ত আক্রান্ত হোৱাৰ শংকা অধিক; আক্ৰান্ত হলে দুটা জীৱন প্ৰভাৱিত হয়; সেয়ে গৰ্ভৱতী মহিলাই ভেকচিন লোৱাটো অতি প্ৰয়োজন । ভেকচিনে গৰ্ভৱতী মহিলাৰ শৰীৰত কোনো বিৰূপ প্রভাৱ নেপেলাই বুলিও আশ্বাস প্ৰদান কৰে পলে।

শেহতীয়া বাতৰি