সাৱধান! ভাৰত পালেহি কোৰোণা ভাইৰাছ, কেৰালাত চিনাক্ত প্ৰথমজন ৰোগী

News18 Assam | News18-Assam
Updated:January 30, 2020, 4:28 PM IST
সাৱধান! ভাৰত পালেহি কোৰোণা ভাইৰাছ, কেৰালাত চিনাক্ত প্ৰথমজন ৰোগী
Source-Google

ভাৰতবৰ্ষত প্ৰথম জন কোৰোণা ভাইৰাচত আক্ৰান্ত লোক চিনাক্ত

  • Share this:
সাৱধান! কেৰালাত ধৰা পৰিল দেশৰ প্ৰথমজন কোৰোণা ভাইৰাছত আক্ৰান্ত ৰোগী। ৰোগী জন চীন দেশৰ য়োহানত চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী। বৰ্তমান ৰোগী জনক একাষৰীয়া কৈ ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে।

এতিয়ালৈকে ৰোগীজন কেৰালাৰ কোন অঞ্চলৰ, সেই কথা জানিবলৈ সক্ষম হোৱা নাই।  সন্দেহৰ ভিত্তিত যুৱকজনৰ ব্লাড চেম্পল সংগ্ৰহ কৰিছিল চিকিৎসকে। পৰীক্ষাৰ অন্তত যুৱকজন কোৰোণা ভাইৰাছত আক্ৰান্ত বুলি প্ৰমাণিত হয়।

ইফালে ইতিমধ্যে চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু মুখত পৰিছে ১৭০ জন লোক।
আৰু চাওক
পৰৱৰ্তী বাতৰি