মুখ্যপৃষ্ঠা »খবৰ »দেশ »জানুৱাৰীত ভাৰতত কোভিডৰ ঘটনা বৃদ্ধি দেখাৰ সম্ভাৱনা কেন্দ্ৰৰ

জানুৱাৰীত ভাৰতত কোভিডৰ ঘটনা বৃদ্ধি দেখাৰ সম্ভাৱনা কেন্দ্ৰৰ

ভাৰতত বুধবাৰে ১৮৮ টা নতুন ক’ৰোনা ভাইৰাছ ৰোগীৰ তথ্য নথিভুক্ত কৰা হৈছে

ভাৰতত বুধবাৰে ১৮৮ টা নতুন ক’ৰোনা ভাইৰাছ ৰোগীৰ তথ্য নথিভুক্ত কৰা হৈছে

ভাৰতত বুধবাৰে ১৮৮ টা নতুন ক’ৰোনা ভাইৰাছ ৰোগীৰ তথ্য নথিভুক্ত কৰা হৈছে

  • Share this:
ক’ৰোনা ভাইৰাছৰ নতুন প্ৰকাৰে ভাৰততো প্ৰভাৱ পেলাইছে। বৰ্তমান চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এই মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ভাৰতত বুধবাৰে ১৮৮ টা নতুন ক’ৰোনা ভাইৰাছ ৰোগীৰ তথ্য নথিভুক্ত কৰা হৈছে। এই সংখ্যাৰ ফলত বৰ্তমান ভাৰতত মুঠ ৰোগীৰ সংখ্যা ৪,৪৬,৭৭,৬৪৭ হৈছে।

উল্লেখ্য যে, দেশত বৰ্তমানলকে কোভিড সম্পৰ্কীয় মৃত্যুৰ সংখ্যা ৫,৩০,৬৯৬ জন যদিও বিগত ২৪ ঘণ্টাত ক’ৰোনাৰ বাবে কোনো নতুন মৃত্যু হোৱা নাই।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ক’ৰোনাৰ দৈনিক পজিটিভিটিৰ হাৰ ০.১৪ শতাংশ ৰেকৰ্ড কৰা হৈছে। আনহাতে, সাপ্তাহিক পজিটিভিটিৰ হাৰ ০.১৮ শতাংশ বুলি মন্ত্ৰালয়ে জনায়।

ইফালে, কেন্দ্ৰই বুধবাৰে সতৰ্ক কৰি দিছিল যে ভাৰতত আগন্তুক জানুৱাৰীত কোভিডৰ ঘটনাত তীব্ৰ বৃদ্ধি দেখা পোৱাৰ সম্ভাৱনা আছে।

শেহতীয়া বাতৰি