চিন্তনীয়! কোৰোণা ভাইৰাছে ৪০ কোটি ভাৰতীয়ক ভীষণ দৰিদ্ৰতাৰ গৰাহলৈ ঠেলিব 

News18 Assam | News18-Assam
Updated:April 9, 2020, 4:56 PM IST
চিন্তনীয়! কোৰোণা ভাইৰাছে ৪০ কোটি ভাৰতীয়ক ভীষণ দৰিদ্ৰতাৰ গৰাহলৈ ঠেলিব 
Source-Google

অতি সম্প্ৰতি এই চিন্তনীয় তথ্য প্ৰদান কৰিছে  আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘই

  • Share this:
Covid-19 মহামাৰীয়ে ভাৰতবৰ্ষৰ ৪০ কোটি লোকক ভীষণ দৰিদ্ৰতাৰ গৰাহলৈ ঠেলিব । অতি সম্প্ৰতি এই চিন্তনীয় তথ্য প্ৰদান কৰিছে  আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘই। জেনেভাস্থিত প্ৰতিষ্ঠানটোৱে বুধবাৰে জাৰি কৰা তথ্য অনুসৰি, দেশত এনে পৰিস্থিতি বাহাল থাকিলে দিন হাজিৰা কৰা লোক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিককে ধৰি ৪০ কোটি লোকে অনাহাৰে দিন কটাবলগীয়া হ’ব। আনহাতে সমগ্ৰ বিশ্বত ২৭০ কোটি মানুহ দৰিদ্ৰতাৰ গ্ৰাসত পৰিব যি বিশ্বৰ ৮১ শতাংশ শ্ৰমিক গোট।

Covid-19 মহামাৰীৰ ফলত নিয়োগ কৰ্তন আৰু নিবনুৱা সমস্যা অস্বাভাৱিক ভাৱে গা কৰি উঠাৰো সম্ভাৱনা প্ৰকট কৰিছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘই। সংঘৰ মতে, ভাৰতবৰ্ষত ৯০ শতাংশ শ্ৰমিকেই অসংগঠিত আৰু অনানুষ্ঠানিক ভাৱে বিভিন্ন খণ্ডত কৰ্মৰত; আৰু সেই ৯০ শতাংশই সাঙুৰি লৈছে প্ৰায় ৪০ কোটি লোকক যি এতিয়া ভীষণ দৰিদ্ৰতাৰ দিশে গৈ আছে ।

দিল্লীৰ ‘Centre for Monitoring Indian Economy’ৰ সাপ্তাহিক প্ৰতিবেদনটো কিছু ভয়ানক তথ্য পোহৰলৈ আহিছে । কেন্দ্ৰটোৰ মতে মার্চৰ মাজ ভাগত নিবনুৱাৰ হাৰ আছিল ৮.৪ শতাংশ। কিন্তু ৫ এপ্ৰিল তাৰিখে এই হাৰ হয়গৈ ২৩ শতাংশ । ২১ দিনৰ তলাবন্ধই ইয়াৰ মূল কাৰণ বুলি চিহ্নিত কৰিছে কেন্দ্রটোৱে । কেন্দ্ৰটোৰ মতে নিবনুৱাৰ হাৰ চহৰত ৩১ শতাংশ হোৱাৰ বিপৰীত গ্ৰামাঞ্চলত এই হাৰ ২০ শতাংশ ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading