এতিয়া শীঘ্ৰেই দেশত ৬ৰ পৰা ১২ বছৰৰ শিশুকো কোৰোনা ভেকচিন দিয়াৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব পাৰে। সূত্ৰ অনুসৰি, এইক্ষেত্ৰত ড্ৰাগ কনট্ৰ'লাৰ জেনেৰেল অৱ ইণ্ডিয়া (DCGI)ৰ দ্বাৰা অনুমোদন পোৱা গৈছে।
সংবাদ সংস্থা এএনআয়ে সূত্ৰৰ উদ্ধৃতি দি কয় যে ডিচিজিআয়ে ৬ৰ পৰা ১২ বছৰৰ ভিতৰত শিশুৰ ক্ষেত্ৰত জৰুৰীকালীন ব্যৱহাৰৰ বাবে ভাৰত বায়োটেকৰ ভেকচিন কভাক্সিন সন্দৰ্ভত সেউজ সংকেত দিছে। অৱশ্যে, কিছুমান চৰ্তৰ সৈতে এই অনুমোদন দিয়া হৈছে। এতিয়ালৈকে এই সন্দৰ্ভত ডিচিজিআই বা চৰকাৰৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা দিয়া হোৱা নাই। সেয়েহে, অনুমোদনৰ সৈতে যোগ কৰা চৰ্তাৱলীও জানিব পৰা হোৱা নাই (Corona Vaccine for 6-12 year age group)।
উল্লেখ্য যে বৰ্তমান দেশত ১২ বছৰৰ অধিক বয়সৰ সকলো নাগৰিকক টিকাকৰণ কৰা হৈছে। ইয়াত, ১২ৰ পৰা ১৪ বছৰ বয়সৰ শিশুক কৰ্বোভাক্স নামৰ এটা ভেকচিন দিয়া হৈছে। ১৫ৰ পৰা ১৮ বছৰৰ যুৱসকলক কোভাক্সিন ভেকচিন দিয়া হৈছে। এই বয়সৰ ওপৰৰ লোকসকলৰ বাবে কভিশ্বিল্ড, কোভাক্সিনকে ধৰি অন্যান্য ভেকচিন দিয়াৰ বাবে সন্মতি দিয়া হৈছে।
উল্লেখ্য, দেশত জানুৱাৰী-২০২১ত কোৰোনা টিকাকৰণ আৰম্ভ হৈছিল। তেতিয়াৰ পৰা চৰকাৰী পৰিসংখ্যা মতে দেশৰ জনসংখ্যাৰ ৬১.৬% লোকক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। আনহাতে এতিয়ালৈকে, বিশ্বব্যাপী জনসংখ্যাৰ ৫৯.৫% লোকক কোৰোনা ভেকচিনৰ দুয়োটা পালি দিয়া হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|