உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Covid-19 Vaccine: ১২ বছৰতকৈ সৰুসকলক কেতিয়া দিয়া হ’ব কোৰোণাৰ ভেকচিন? কিয় হৈছে পলম?

    Covid-19 Vaccine: ১২ বছৰতকৈ সৰুসকলক কেতিয়া দিয়া হ’ব কোৰোণাৰ ভেকচিন? কিয় হৈছে পলম?

    ডিচিজিআই এই বিষয়টোক লৈ যেতিয়ালৈ সম্পূৰ্ণৰূপে আশ্বস্ত নহয়, তেতিয়ালৈ আগবাঢ়িব পৰা নাযায়।

    ডিচিজিআই এই বিষয়টোক লৈ যেতিয়ালৈ সম্পূৰ্ণৰূপে আশ্বস্ত নহয়, তেতিয়ালৈ আগবাঢ়িব পৰা নাযায়।

    ডিচিজিআই এই বিষয়টোক লৈ যেতিয়ালৈ সম্পূৰ্ণৰূপে আশ্বস্ত নহয়, তেতিয়ালৈ আগবাঢ়িব পৰা নাযায়।

    • Share this:


    এই বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ভাৰতত ১৫ৰ পৰা ১৮ বছৰ বয়সীয়াসকলক কোৰোণাৰ ভেকচিন প্ৰদান কৰা হৈছে। বিগত বৰ্ষৰ ২৫ ডিচেম্বৰতে ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়াই শিশুক ভেকচিন প্ৰদানৰ জৰুৰীকালীন অনুমোদন প্ৰদান কৰিছিল। কিন্তু এই মঞ্জুৰিৰ ১০ সপ্তাহ পিছতো এতিয়ালৈ সৰু শিশুক ভেকচিন প্ৰদান কৰা হোৱা নাই। এই সন্দৰ্ভত পৰিচিত এক বিশ্বস্ত সূত্ৰই কয় যে শিশুৰ সুৰক্ষা বিধিক লৈ যেতিয়ালৈ ডিচিজিআই সম্পূৰ্ণৰূপে নিশ্চিন্ত নহয় তেতিয়ালৈ শিশুৰ টিকাকৰণ কৰিব পৰা নহ’ব। ডিচিজিআইয়ে ১২ বছৰতকৈ সৰু শিশুৰ বাবে কোভাক্সিন প্ৰদানক লৈ আৰু কিছু তথ্য বিচাৰিছে।

    অৱশ্যে এই সন্দৰ্ভত ভেকচিনক লৈ গঠিত ডিচিজিআইৰ এক্সপাৰ্ট কমিটী চেন্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কন্ট্ৰ’ল অৰ্গেনাইজেচনে ১২ অক্টোবৰ ২০২১তে শিশুক কোভাক্সিন দিয়াৰ পৰামৰ্শ দিছিল। এজন বিষয়াই কয় যে আমাৰ বাবে সুৰক্ষাৰ তথ্য আটাইতকৈ গুৰুত্বপূৰ্ণ। ডিচিজিআই এই বিষয়টোক লৈ যেতিয়ালৈ সম্পূৰ্ণৰূপে আশ্বস্ত নহয়, তেতিয়ালৈ আগবাঢ়িব পৰা নাযায়। তেওঁ কয় যে শিশুৰ বাবে যিধৰণৰ সুৰক্ষা তথ্য ডিচিজিআইক প্ৰয়োজন আছিল, সেই সকলো লাভ কৰা হৈছে। ইয়াৰ পিছতে ডাঙৰ শিশুক কোভাক্সিন লগোৱাৰ অনুমোদন দিছিল। কিন্তু সৰু শিশুসকলৰ বাবে এথিয়া আৰু সুৰক্ষা ডাটাৰ প্ৰয়োজন আছে।

    Published by:Sanjay Kumar Das
    First published: