ভাৰতীয় চিকিৎসা পৰিষদ (ICMR)ৰ সঞ্চালক ডাঃ বলৰাম ভাৰ্গৱে সোমবাৰে কয় যে কোভিড-১৯ প্ৰতিৰোধী ভেকচিন (anti-Corona vaccine)ৰ বুষ্টাৰ ড'জ (অৰ্থাৎ তৃতীয় পালি) দিয়াৰ প্ৰয়োজনীয়তাৰ সমৰ্থনত এতিয়ালৈকে কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা হোৱা নাই। তেওঁ লগতে কয় যে চৰকাৰৰ বৰ্তমান অগ্ৰাধিকাৰ হৈছে প্ৰাপ্তবয়স্ক লোকসকলক ভেকচিনৰ দ্বিতীয় পালি (Second Dose) দিয়াটো।
টিকাকৰণ অভিযান এতিয়াও বহু অঞ্চলত সম্পন্ন কৰিবলৈ বাকী আছে আৰু দূৰৱৰ্তী শ্ৰমিকসকলৰ ক্ষেত্ৰত ভেকচিন সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰে সঞ্চালকগৰাকীয়ে। সূত্ৰ অনুসৰি, ভাৰতত টিকাকৰণ সন্দৰ্ভত ৰাষ্ট্ৰীয় কাৰিকৰী পৰামৰ্শদাতা গোটৰ (NTAGI) পৰৱৰ্তী বৈঠকত বুষ্টাৰ পালি (Covid-19 Booster Shot)ক লৈ আলোচনা কৰা হ'ব পাৰে।
উল্লেখ্য, কোভিড–১৯ৰ বুষ্টাৰ পালিৰ সম্ভাৱনাক লৈ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই শেহতীয়াকৈ কৈছিল যে ভেকচিনৰ পৰ্যাপ্ত ষ্টক উপলব্ধ আছে আৰু বৰ্তমান লক্ষ্য হৈছে জনসাধাৰণক ভেকচিনৰ দুয়োটা পালি প্ৰদান কৰা। তেওঁ বিশেষজ্ঞসকলৰ পৰামৰ্শৰ ভিত্তিত বুষ্টাৰ পালিৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ বিষয়ে জনাইছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|