অহা ১৬ জানুৱাৰীৰ পৰা দেশজুৰি প্ৰদান কৰা হ’ব কোৰোণাৰ ভেকচিন, ঘোষণা স্বাস্থ্য মন্ত্ৰণালয়ৰ

কোৰোণাৰ ভেকচিন প্ৰস্তুতৰ অগ্ৰগতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
কোৰোণাৰ ভেকচিন প্ৰস্তুতৰ অগ্ৰগতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- News18 Assam
- Last Updated: January 9, 2021, 5:23 PM IST
অগ্ৰাধিকাৰ দিয়া হ’ব স্বাস্থ্যকৰ্মীৰ লগতে কোৰোণাৰ বিৰুদ্ধে যুদ্ধত একেবাৰে সমুখত থকা যুদ্ধাসকলক। সেইদৰে ৫০ উৰ্ধ্বৰ ব্যক্তিসকল বা বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলেও ভেকচিন লাভৰ ক্ষেত্ৰত পাব আগস্থান। এই আটাইখিনিকে সামৰি প্ৰথম পৰ্যায়ত প্ৰায় ৩ কোটি লোকে লাভ কৰিব কোৰোণাৰ ভেকচিন।
শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত অংশগ্ৰহণ কৰিছিল ভাৰতৰ কেবিনেট সচিবৰ লগতে ৰাজ্যসমূহৰ মুৰব্বীসকলে। আৰু বৈঠকৰ পিছতে অহা ১৬ জানুৱাৰীৰ পৰা দেশত কোৰোণাৰ ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।