உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Corona Vaccination: ভেকচিন প্ৰদানত ২০তম স্থানত অসম; শীৰ্ষত মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান

    Corona Vaccination: ভেকচিন প্ৰদানত ২০তম স্থানত অসম; শীৰ্ষত মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান

    ভেকচিন প্রদানৰ ক্ষেত্ৰত শীৰ্ষত আছে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থান। উত্তৰ প্ৰদেশত প্ৰায় ১কোটি ৭০লক্ষ লোকে ভেচকিন লাভ কৰিছে ।

    ভেকচিন প্রদানৰ ক্ষেত্ৰত শীৰ্ষত আছে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থান। উত্তৰ প্ৰদেশত প্ৰায় ১কোটি ৭০লক্ষ লোকে ভেচকিন লাভ কৰিছে ।

    ভেকচিন প্রদানৰ ক্ষেত্ৰত শীৰ্ষত আছে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থান। উত্তৰ প্ৰদেশত প্ৰায় ১কোটি ৭০লক্ষ লোকে ভেচকিন লাভ কৰিছে ।

    • Share this:
    অসম প্রতিষেধক প্ৰদানৰ ক্ষেত্রত সমগ্ৰ দেশৰ ভিতৰত ২০নম্বৰত আছে । বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তালিকাত পোহৰলৈ আহিছে এই তথ্য । অসমত ২৬মে’ পর্যন্ত সম্পূৰ্ণ ৰূপে ভেচকিন প্রদান কৰা হৈছে ৮,১৩,৫৭৭জন লোকক । আংশিকভাৱে লাভ কৰিছে ৩১,২১,৩৩৪জনে। সৰ্বমুঠ ভেকচিন প্ৰদান কৰা হৈছে ৩৯,৩৪,৯১১জনক।

    ভেকচিন প্রদানৰ ক্ষেত্ৰত শীৰ্ষত আছে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থান। উত্তৰ প্ৰদেশত প্ৰায় ১কোটি ৭০লক্ষ লোকে ভেচকিন লাভ কৰিছে । উত্তৰ প্ৰদেশত সম্পূৰ্ণ ৰূপে ভেকচিন লাভ কৰা লোকৰ সংখ্যা ৩৪ লক্ষ লোকে । শীর্ষত থকা মহাৰাষ্ট্ৰত ২কোটি ১৪লক্ষ লোকে ভেকচিন লোৱাৰ বিপৰীতে সম্পূৰ্ণৰূপে ভেকচিন লোৱা লোকৰ সংখ্যা প্ৰায় ৪৪লক্ষ । তৃতীয় স্থানত থকা ৰাজস্থানে দুই পালি ভেকচিন প্ৰদান কৰিলে ৩১লক্ষ লোকক আৰু সৰ্বমুঠ প্রতিষেধক প্রতিষেধক লোৱা লোকৰ সংখ্যা ১কোটি ৬৪লক্ষ ।

    এই দিশত প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাটো পিছ পৰি থকা নাই । মহাৰাষ্ট্ৰৰ পিছতে দ্বিতীয় পালি ভেকচিন দিয়াৰ শিঁতানত শীৰ্ষ স্থানত আছে গুজৰাট । গুজৰাটত সৰ্বমুঠ ১কোটি ৬১লক্ষ লোকক ভেকচিন দিয়াৰ বিপৰীতে দ্বিতীয় পালি দিয়া লোকৰ সংখ্যা ৪০লক্ষ । অসমত সৰ্বমুঠ যিমান ভেকচিন দিয়া হ’ল তাতকৈ বেছি লোকে দ্বিতীয় পালি গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ আৰু গুজৰাটত ।

    এতিয়ালৈ ১কোটিতকৈ অধিক লোকক ভেকচিন প্ৰদান কৰা ৰাজ্য সমূহ হৈছে বিহাৰ, গুজৰাট, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ । অসমতকৈ অধিক লোকক ভেকচিন প্ৰদান কৰিছে দিল্লী, চট্টিশগড়, হাৰিয়ানা, ঝাৰখণ্ড, উৰিষ্যা, পাঞ্জাৱ, টেলেংগানা, কেৰেলা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আদি ৰাজ্যই । অসমতকৈ তলত আছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ,। লগতে আন কেইখনমান সৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহ  ।

    ৰাজ্য সমূহৰ জনসংখ্যাৰ অনুপাতে চালেও অসমত প্রতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্ৰতৰ হোৱাৰ অৱকাশ আছে । অসমত সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰিছে জনসংখ্যাৰ ১.২৯শতাংশই । ৰাজস্থানত গ্ৰহণ কৰিছে ৫.২১শতাংশই, মহাৰাষ্ট্ৰত ৩.৮শতাংশই, গুজৰাটত ৬.৩শতাংশই, উত্তৰ প্ৰদেশত ১.৪৭শতাংশই আৰু পশ্চিম বংগত ৪.১শতাংশই ।
    Published by:Himangshu Bhuyan
    First published: