কোভিডকালৰ মাজতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ বৃহৎ পদক্ষেপ । সমগ্ৰ দেশৰ ৮৮০ খন চহৰত থকা ১.৩মিলিয়নকৈ অধিক কৰ্মচাৰীৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে ভাৰত বায়'টেক আৰু চিৰাম ইনষ্টিটিউটৰ পৰা ভেকছিন ক্ৰয় কৰিছে। ইয়াৰ অধীনত ৰিলায়েন্সৰ নিজৰ কৰ্মচাৰীসকলৰ লগতে বিপি আৰু গুগ'লৰ দৰে ইয়াৰ অংশীদাৰসকলকো অন্তৰ্ভূক্ত কৰা হৈছে।
এই বৃহৎ টিকাকৰণ অভিযানত কৰ্মচাৰীসকলৰ পৰিয়ালৰ সদস্যসকলকো সম্পূৰ্ণ বিনামূলীয়াকৈ টীকাকৰণ কৰাৰ এক বিতং পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। লগতে পৰিয়ালৰ সংজ্ঞাও সম্প্ৰসাৰিত কৰা হৈছে অৰ্থাৎ কৰ্মচাৰীৰ পত্নী, পিতৃ-মাতৃ,সন্তানৰ পৰা আৰম্ভ কৰি ভাই-ভনীলৈকে সম্প্ৰসাৰিত কৰা হৈছে । এই অভিযানৰ অধীনত ৰিলায়েন্সৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ টিকাকৰণো সামৰি লোৱা হৈছে । সকলো যোগ্য কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে CoWin প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব আৰু ইয়াৰ পিছত RILৰ অনলাইন স্বাস্থ্যসেৱা প্লেটফৰ্ম Jio Health Hubত স্লট বুক কৰিব পাৰিব।
চৰকাৰৰ কৰ্মস্থান টিকাকৰণ নীতিৰ অংশ হোৱা এই টিকাকৰণ কাৰ্যসূচী ৮০০ খন চহৰত RILৰ বৃত্তিগত স্বাস্থ্য কেন্দ্ৰসমূহত প্ৰদান কৰা হ'ব। আনফালে যিসকল কৰ্মচাৰী আৰু পৰিয়ালৰ সদস্যই ইতিমধ্যে টিকাকৰণ গ্ৰহণ কৰিছে, তেওঁলোকৰ টিকাকৰণৰ ব্যয় সম্পূৰ্ণৰূপে পৰিশোধ কৰা হ'ব। লক্ষ্যণীয় যে, ৩.৩০ লাখতকৈও অধিক কৰ্মচাৰী আৰু পৰিয়ালৰ সদস্যক ইতিমধ্যে প্ৰথমটো ড'জ দিয়া হৈছে।
সেয়েহে এতিয়া ৰিলায়েন্সৰ লক্ষ্য হৈছে প্ৰতিগৰাকী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক ১৫ জুনৰ ভিতৰত ভিতৰত প্ৰথমটো ড'জ প্ৰদান কৰা। এই কাৰ্যসূচীৰ অধীনত অন্যন্য কৰ্মচাৰীৰ লগতে প্ৰায় ১৩,০০০ ৰিটেইল আৰু জিঅ' ষ্টৰৰ কৰ্মচাৰীত টিকাকৰণ কৰা হ'ব।
কৰ্মচাৰীৰ টিকাকৰণ কাৰ্যসূচী মুম্বাইত আৰম্ভ কৰা হৈছে। আগন্তুক সপ্তাহৰ ভিতৰত অন্যান্য মুখ্য চহৰ আৰু ৰাজ্যৰ ৰাজধানীত আৰম্ভ কৰা হ'ব।
RILৰ এই দ্ৰুত আৰু বিস্তৃত টিকাকৰণ পৰিকল্পনাই কেৱল ইয়াৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক সুৰক্ষিত কৰাই নহয়, ই ৰাজহুৱা স্বাস্থ্য প্ৰণালীৰ ওপৰতো চাপ যথেষ্ট পৰিমাণে হ্ৰাস কৰিব আৰু অধিক কাৰ্যকৰীভাৱে মহামাৰী প্ৰত্যাহ্বানবোৰ প্ৰতিহত কৰাত ভাৰতক সহায় কৰিব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 27, 2021, 19:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।