உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Sonia Gandhi: কোৰোণাৰ ভেকচিন ল'লে ছোনিয়া গান্ধীয়ে, ফটো ৰাজহুৱা নকৰি অতি সংগোপনে কংগ্ৰেছ নেতাই কৰিছে এই কাম 

    Sonia Gandhi: কোৰোণাৰ ভেকচিন ল'লে ছোনিয়া গান্ধীয়ে, ফটো ৰাজহুৱা নকৰি অতি সংগোপনে কংগ্ৰেছ নেতাই কৰিছে এই কাম 

    দেশজুৰি Covid-19ৰ সক্ৰমণে পুনৰ ভয়ানক ৰূপ ধাৰণ কৰাৰ মাজতে আৰম্ভ হৈছে সৰ্বাত্মক প্রতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া।

    দেশজুৰি Covid-19ৰ সক্ৰমণে পুনৰ ভয়ানক ৰূপ ধাৰণ কৰাৰ মাজতে আৰম্ভ হৈছে সৰ্বাত্মক প্রতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া।

    দেশজুৰি Covid-19ৰ সক্ৰমণে পুনৰ ভয়ানক ৰূপ ধাৰণ কৰাৰ মাজতে আৰম্ভ হৈছে সৰ্বাত্মক প্রতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া।

    • Share this:
    দেশজুৰি Covid-19ৰ সক্ৰমণে পুনৰ ভয়ানক ৰূপ ধাৰণ কৰাৰ মাজতে আৰম্ভ হৈছে সৰ্বাত্মক প্রতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া। নেতা, অভিনেতা, খেলুৱৈ, শিল্পী সকলোৱে প্ৰতিষেধক গ্ৰহণ কৰি ছচিয়েল মিডিয়াত ফটো, ভিডিও শ্বেয়াৰ কৰি আনকো ভেকচিন ল’বলৈ অনুপ্ৰেৰণা যোগাইছে । তাৰ মাজতে বিৰোধী কংগ্ৰেছৰ দলৰ নেতা সকলে অতি সংগোপনে গ্ৰহণ কৰিছে প্রতিষেধক।

    দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, কংগ্ৰেছ নেতা সকলে কোনো হৈ-চৈৰ সৃষ্টি নকৰাকৈ এজনৰ পিছত আনজনে গ্ৰহণ কৰিছে ভেকচিন।তেওঁলোকে ভেকচিন লৈ থকাৰ মুহূৰ্তৰ কোনো ফটো Social Mediaতো আপলোড কৰা নাই । কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে মার্চ মাহৰ প্ৰথম ভাগত ভেকচিন গ্ৰহণ কৰিছে আৰু  দলৰ নেতা সকলোকো তেনে কৰিবলৈ কৈছে । ইতিমধ্যে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদেও প্রতিষেধক গ্ৰহণ কৰিছে ।

    উল্লেখযোগ্য যে এপ্রিলৰ ১ তাৰিখৰ পৰা দেশত ৪৫বছৰৰ উৰ্ধ্বৰ সকলো লোকক ভেকচিন লোৱাৰ অনুমতি প্ৰদান কৰা হৈছে। যোৱা ২৪ ঘণ্টাত দেশত ৭২,০১৯টা নতুন সক্ৰমণ পোহৰলৈ আহিছে । তাৰে ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক । যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত নতুন ৰোগীৰ সংখ্যা ৩৯,৫৪৪ জন। সেইদৰে যোৱা ২৪ ঘণ্টাত দেশত Covid-19ত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যা হৈছে ৪৫৭। যোৱা ডিচেম্বৰৰ ১৭ তাৰিখৰ পিছত এইয়াই সৰ্বাধিক ।
    Published by:Himangshu Bhuyan
    First published: