Corona Virus : আগন্তুক দুসপ্তাহত আৰু ভয়াৱহ হ’ব পাৰে কোৰোণা পৰিস্থিতি : ৰিপ’ৰ্ট

ভাৰত, আমেৰিকা, ব্ৰাজিল, ইটালী আৰু জাৰ্মানীত পুনৰ এবাৰ কোৰোণাৰ প্ৰকোপ বাঢ়ি অহা দেখা গৈছে। ফলত পুনৰ এবাৰ চিন্তাজনক পৰিস্থিতি আৰম্ভ হৈছে।
ভাৰত, আমেৰিকা, ব্ৰাজিল, ইটালী আৰু জাৰ্মানীত পুনৰ এবাৰ কোৰোণাৰ প্ৰকোপ বাঢ়ি অহা দেখা গৈছে। ফলত পুনৰ এবাৰ চিন্তাজনক পৰিস্থিতি আৰম্ভ হৈছে।
- News18 Assam
- Last Updated: April 5, 2021, 9:04 AM IST
মাইকেল ৱাষ্টাৰহোম, মিনেছোটা বিশ্ববিদ্যালয়ৰ সংক্ৰামক ৰোগ গৱেষণা আৰু নীতি কেন্দ্ৰৰ ডিৰেক্টৰে জনাইছে, আগন্তুক কিছুদিনত কোৰোণা আক্ৰান্তৰ সংখ্যা মহামাৰী আৰম্ভ হোৱাতকৈও অধিক বেছি হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা জনোৱা হৈছিল, প্ৰতিদিনৰ হিচাপত আটাইতকৈ বেছি কোৰোণা আক্ৰান্তৰ ঘটনা হৈছিল ডিচেম্বৰ মাহত। টিকাকৰণ আৰম্ভ হোৱাৰ পিছত কোৰোণা আক্ৰান্তৰ সংখ্যা কমি অহা দেখা গৈছিল। কিন্তু ভাৰত, আমেৰিকা, ব্ৰাজিল, ইটালী আৰু জাৰ্মানীত পুনৰ এবাৰ কোৰোণাৰ প্ৰকোপ বাঢ়ি অহা দেখা গৈছে। ফলত পুনৰ এবাৰ চিন্তাজনক পৰিস্থিতি আৰম্ভ হৈছে।