• Home
  • »
  • News
  • »
  • nation
  • »
  • সকলো অভিলেখ ভংগ! ২৪ ঘণ্টাতে ধৰা পৰিল ৭,৯৬৪ জন কোৰোণাত আক্ৰান্ত

সকলো অভিলেখ ভংগ! ২৪ ঘণ্টাতে ধৰা পৰিল ৭,৯৬৪ জন কোৰোণাত আক্ৰান্ত

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে, দেশত বৰ্তমান ৮৬,৪২২ টা এক্টিভ কেচ আছে। কোৰোণাৰ ফলত এতিয়ালৈকে ৪৯৭১ জন মৃত্যু মুখত পৰিছে।

  • Share this:
দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কোৰোণাৰ সংক্ৰমণ। প্ৰত্যেক দিনাই দেশত হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে, যোৱা ২৪ ঘণ্টাত নতুনকৈ ৭,৯৬৪ জন কোৰোণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৬৫ জন মৃত্যু মুখত পৰে। ইয়াৰ লগে লগে দেশত কোৰোণাত আক্ৰান্ত হোৱাৰ সংখ্যা এক লাখ ৭৩ হাজাৰ ৭৬৩ জনলৈ বৃদ্ধি পালে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা জনোৱা মতে, দেশত বৰ্তমান ৮৬,৪২২ টা এক্টিভ কেচ আছে। কোৰোণাৰ ফলত এতিয়ালৈকে ৪৯৭১ জন মৃত্যু মুখত পৰিছে। আনহাতে ৮২,৩৬৯ লোক আৰোগ্য হৈ উঠিছে। কোৰোণাৰ সংক্ৰমণৰ ক্ষেত্ৰত এতিয়া ভাৰতৰ স্থান বিশ্বৰ ভিতৰত নৱম।

First published: