ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কোৰোণাত আক্ৰান্তৰ সংখ্যাই ভংগ কৰিলে সকলো অভিলেখ। স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা দিয়া ৰিপৰ্ট অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত প্ৰথমবাৰলৈ ৬,৬৫৪ জন আক্ৰান্ত হ’ল কোৰোণা ভাইৰাছত।
![]()
ভাৰতবৰ্ষত এতিয়ালৈকে ১,২৩,০৮১ গৰাকী কোৰোণা ভাইৰাছত আক্ৰান্ত হ’ল। যোৱা চাৰি দিনত দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। শুকুৰবাৰৰ দিনটোত মৃত্যুক সাৱটি ল’লে ৩৭ জনলোকে। বৰ্তমান দেশত কোৰোণাৰ ৬৯,৫৯৭টা কোৰোণাৰ এক্টিভ কেছ আছে। ৫১,৭৮৩ জন লোক আৰোগ্য হৈ ঘৰলৈ উভতিছে।
শুকুৰবাৰৰ দিনটোতে মহাৰাষ্ট্ৰত ৬৩ গৰাকী, গুজৰাটত ২৯গৰাকী, দিল্লীত ১৪গৰাকীয়ে মৃত্যুক সাৱটি ল’লে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|