সাধাৰণ আৰু মজলীয়া লক্ষণৰ কোৰোণাত আক্ৰান্ত ৰোগীৰ ঔষধৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত আৰু বিক্ৰীৰ অনুমতি প্ৰদান কৰিলে জটিল লক্ষণে দেখা দিয়াৰ কোৰোণা ৰোগীৰ ঔষধৰ। হায়দৰাবাদস্থিত ঔষধ নিৰ্মাণ প্ৰতিষ্ঠান ‘Hetero’ই প্ৰস্তুত কৰিব কোভিফ’ৰ নামৰ এই ঔষধত। আমেৰিকাস্থিত ‘Biopharmaceutical Company Gilead’এ প্ৰস্তুত কৰা ‘Remdesivir’ নামৰ ঔষধ বিধকে ভাৰতত কোভিফ’ৰ নামেৰে প্ৰস্তুত আৰু বিক্ৰীৰ অনুমোদন জনাইছে Drug Controller General of India চমুকৈ DCGI-এ ।
‘Hetero Group of Companies’ৰ মুখ্য কাৰ্যবাহী বিষয়া বি পাৰ্থ সাৰথি ৰেড্ডীয়ে দেওবাৰে এক প্ৰেছ বাৰ্তা যোগে জনোৱা মতে, এই ঔষধে নিঃসন্দেহে Covid-19ৰে ভোগা জটিল ৰোগীক সকাহ প্ৰদান কৰিব। অহা সপ্তাহৰ পৰা সমগ্ৰ দেশৰে চিকিৎসালয়ত এই ঔষধ বিধ উপলব্ধ হ’ব বুলিও জনাই ৰেড্ডীয়ে।
ঔষধ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে জনোৱা মতে, শিশু তথা প্ৰাপ্ত বয়স্ক উভয়কে চিকিৎসকৰ তত্বাৱধানত এই ঔষধ দিব পৰা যাব। উল্লেখযোগ্য যে জটিল লক্ষণে দেখা দিয়া ৰোগীকহে চিকিৎসালয়ত এই ঔষধ দিয়া হ’ব। গতিকে ঔষধৰ দোকানৰ পৰা ৰোগীয়ে নিজে ক্ৰয় কৰিব নোৱাৰিব। প্ৰাৰম্ভিক পৰ্যায়ত ৰোগীক ১০০ মিলিগ্ৰাম পৰিমাণৰ ‘Covifo’rৰ এটা বেজী দিব পাৰিব। ১০০ মিলিগ্ৰাম কোভিফ’ৰৰ মূল্য ৫০০০ৰ পৰা ৬০০০ টকা হ’ব ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|