এতিয়া সকলো মুকলি হৈছে, কিন্তু মণিপুৰৰ ইমা সকল প্ৰস্তুত নহয়, এতিয়াও বন্ধ এছিয়াৰ সৰ্ববৃহত্‍ মহিলাৰ বজাৰ!

News18 Assam | News18-Assam
Updated:September 28, 2020, 11:33 PM IST
এতিয়া সকলো মুকলি হৈছে, কিন্তু মণিপুৰৰ ইমা সকল প্ৰস্তুত নহয়, এতিয়াও বন্ধ এছিয়াৰ সৰ্ববৃহত্‍ মহিলাৰ বজাৰ!
চৰকাৰে যেতিয়ালৈকে পদ্ধতিগত নতুন নিৰ্দেশনা নিদিয়ে তেতিয়ালৈকে বিশ্বৰ সৰ্ববৃহত্‍ মহিলা বজাৰ বন্ধ থাকিব।

চৰকাৰে যেতিয়ালৈকে পদ্ধতিগত নতুন নিৰ্দেশনা নিদিয়ে তেতিয়ালৈকে বিশ্বৰ সৰ্ববৃহত্‍ মহিলা বজাৰ বন্ধ থাকিব।

  • News18 Assam
  • Last Updated: September 28, 2020, 11:33 PM IST
  • Share this:
চৰকাৰে যেতিয়ালৈকে পদ্ধতিগত নতুন নিৰ্দেশনা নিদিয়ে তেতিয়ালৈকে বিশ্বৰ সৰ্ববৃহত্‍ মহিলা বজাৰ বন্ধ থাকিব। মহিলা বজাৰখনৰ কাৰ্যকৰ্তাসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
প্ৰায় ৪,০০০ নিয়মিত বিক্ৰেতাৰে পৰিপূৰ্ণ মহিলা বজাৰখন। আচলতে কথাটো হ’ল, এই বজাৰ খনৰ অনুজ্ঞাপত্ৰখন প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে চলি আহিছে। কোনো পুৰুষকে বজাৰখনত কাম কৰাৰ বাবে ব্যৱহাৰ কৰা নহয় আৰু দোকান দিয়াৰ বাবেও অনুমতি প্ৰদান নকৰে। পুৰুষসকলে ইয়াত কেৱল বজাৰ কৰিব পাৰে। কিন্তু কেতিয়াও কোনো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে ।

যদিও আদালতৰ কোনো নিৰ্দেশনা দিয়া হোৱা নাই তথাপিও বজাৰখনৰ প্ৰধানগৰাকীয়ে যি সিদ্ধান্ত লয় সেয়াই বাহাল থাকিব । মণিপুৰৰ ইম্ফলৰ ইমা কেইথাল(মাতৃ বজাৰৰ) বিগত ছমাহ ধৰি কোনো ধৰণৰ ব্যৱসায়িক কাৰ্যকলাপত জড়িত হোৱা নাই ।



ঐতিহাসিক মহিলা বজাৰখনৰ যিসকল লোক বিক্ৰেতা হিচাপে আছে তেওঁলোকৰ পৰিয়াল চলোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ সাধাৰণভাৱে প্ৰয়োজনীয় খিনিও যোগাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি হৈছে ৷ যদিও চৰকাৰে সময়ে সময়ে সহায় কৰিবলৈ চেষ্টা কৰিছে, তথাপিও ৭০ শতাংশ ইমা মহিলা বজাৰ ওপৰতে নিৰ্ভৰশীল মহিলাৰ কাষলৈ গৈ পোৱা নাই চৰকাৰে প্ৰদান কৰা সাহাৰ্য ৷

‘চৰকাৰৰ সৈতে আমাৰ এখন আলোচনা অনুষ্ঠিত হৈছিল কিন্তু আমি এই পৰিস্থিতিত বজাৰখন খোলাৰ বিৰোধিতা কৰিছো ৷ যদি আমি বজাৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰো তেনেহ'লে পৰিস্থিতি ভয়াৱহ হ'ব পাৰে কাৰণ এই বজাৰখনত থকা ৫০ৰো অধিক মহিলা ব্যৱসায়ীৰ বয়স ৫০ বছৰতকৈ অধিক ৷ যদি চৰকাৰে এটা পদ্ধতিগত নীতি নিৰ্দেশনা নিদিয়ে তেনেহ'লে আমি ইমা কেইথাল বজাৰ বন্ধ ৰাখিব লাগিব।’ এইদৰে কয় বিশ্বৰ সৰ্ববৃহৎ মহিলা বজাৰৰ খনৰ মণিপুৰ কেইথাল ফাম্বি আপুনবা লুপৰ সভানেত্ৰী লইছৰাম ওংগি মেম্মা দেৱীয়ে ৷

ইম্ফলৰ খোৱাইৰাম্বেণ্ডত থকা ইমা কেইথাল বা নুপি কেতিহালক এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ মহিলাৰ বজাৰ বুলি কোৱা হয়। যিখন বজাৰৰ সকলো কাম-কাজ মহিলাসকলেই পৰিচালনা কৰে ৷ ৫০০ বছৰ পুৰণি এই বজাৰখন পঞ্চদশ শতিকাৰ আগৰ বজাৰ সমূহৰ ভিতৰত এখন বুলি গণ্য কৰা হয় ৷ বজাৰখন নিজস্ব ধ্যান ধাৰণাৰে চলি অহা এখন নাৰী নিয়ন্ত্ৰিত তথা মহিলা সৱলীকৰণৰ প্ৰতীক ৷

‘সম্প্ৰতি গৃহীত কৰা তিনিটা সিদ্ধান্ত অনুসৰি সমগ্ৰ মহিলা বজাৰ বা ইম্ফলৰ ইমা কেইথাল আগন্তুক ৩০ ছেপ্তেম্বৰ পৰ্যন্ত বন্ধ থাকিব ৷ মহামাৰী বিৰোধী যুদ্ধৰ প্ৰতি সমৰ্থন জনাই ইমা কেইথালৰ নেতা সকলৰ সৈতে আলোচনা কৰাৰ অন্তত এটা সামূহিক সিদ্ধান্তত উপনীত হৈছে ৷ মাতৃসকলে ব্যৱসায় কৰাৰ পৰা নিজকে বিৰত ৰাখিছে ৷’ এইদৰে কয় মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৷

মণিপুৰৰ ভূখণ্ডত থকা এই বৃহৎ মহিলা বজাৰখনত প্ৰায় ৪০০০ অনুজ্ঞাপত্ৰ থকা মহিলা ব্যৱসায়ী আছে ৷ এই অনুজ্ঞাপত্ৰ সমূহ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি আহিছে ৷ কোনো পুৰুষকে যাতে বজাৰত ব্যৱহাৰ কৰিব নোৱাৰে বা ব্যৱসায় কৰিব নোৱাৰে তাৰ বাবে পুৰুষ সকলক অনুজ্ঞাপত্ৰ প্ৰদান কৰা নহয় ৷ একেদৰে অনুজ্ঞাপত্ৰসমূহ বিক্ৰীও কৰিব নোৱাৰে পুৰুষক ৷ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে এটা নিৰ্দিষ্ট সামগ্ৰীৰ সৈতে ব্যৱসায় কৰে যাতে আন ব্যৱসায়ীৰ দখললৈ নাযায় সেই নিৰ্দিষ্ট সামগ্ৰীবিধ৷

আনহাতে প্ৰধান মন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ অধীনত পদপথত দোকান দিয়া ৮০৩ গৰাকী ব্যৱসায়ী উপকৃত হোৱাৰ লগতে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অন্তৰ্গত ৪৬৬ গৰাকী নিয়মীয়া অনুজ্ঞাপত্ৰ থকা ব্যৱসায়ীক ছিছু আঁচনিৰ অধীনত উপকৃত হৈছে ৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ২০২০ চনৰ ২৫ আগষ্টত বিভিন্ন জিলাৰ মুঠ ৮১৭ গৰাকী ব্যৱসায়ীক ঋণ প্ৰদান কৰিছিল ৷

মণিপুৰত ইতিমধ্যে ১০,০৫১টা কোভিড পজিটিভ ঘটনাৰ ভিতৰত ২,৩০৬টা সক্ৰিয় ঘটনা পঞ্জীয়নভুক্ত হৈছে৷ ৭৬৮১ জন কোভিড আক্ৰান্ত ব্যক্তি আৰোগ্য লাভ কৰাৰ বিপৰীতে ৬৪ জন লোক কোভিডত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৷
Published by: Himangshu Bhuyan
First published: September 28, 2020, 11:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading