• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid19 Cases Rising: কোৰোণাৰ তৃতীয় লহৰ আৰম্ভ হোৱাৰ আশংকা, প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে কোৰোণাৰ সংক্ৰমণ, দেশত ২৪ ঘণ্টাত ৪৬ হাজাৰৰ অধিক পজিটিভ

Covid19 Cases Rising: কোৰোণাৰ তৃতীয় লহৰ আৰম্ভ হোৱাৰ আশংকা, প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে কোৰোণাৰ সংক্ৰমণ, দেশত ২৪ ঘণ্টাত ৪৬ হাজাৰৰ অধিক পজিটিভ

 ২৪ ঘণ্টাত দেশত নতুনকৈ কোৰোণা (Corona Virus)ত সংক্ৰমিত হৈছে ৪৬,৭৫৯ গৰাকী লোক। আনহাতে মৃত্যু হৈছে ৫০৯গৰাকী লোকৰ। 

২৪ ঘণ্টাত দেশত নতুনকৈ কোৰোণা (Corona Virus)ত সংক্ৰমিত হৈছে ৪৬,৭৫৯ গৰাকী লোক। আনহাতে মৃত্যু হৈছে ৫০৯গৰাকী লোকৰ। 

২৪ ঘণ্টাত দেশত নতুনকৈ কোৰোণা (Corona Virus)ত সংক্ৰমিত হৈছে ৪৬,৭৫৯ গৰাকী লোক। আনহাতে মৃত্যু হৈছে ৫০৯গৰাকী লোকৰ। 

  • Share this:
কোৰোণা (Corona Virus)ৰ সংক্ৰমণৰ হাৰে পুনৰ শংকিত কৰি তুলিছে দেশবাসীক। বিগত কেইদিনত সংক্ৰমণৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত মহামাৰী কোৰোণাক (Corona Pandemic) লৈ নতুন আতংকৰ সৃষ্টি হৈছে। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কোৰোণাত সংক্ৰমিত হৈছে ৪৬,৭৫৯ গৰাকী লোক। আনহাতে মৃত্যু হৈছে ৫০৯গৰাকী লোকৰ।

বিগত কেইবা দিন ধৰি দেশত সংক্ৰমণৰ সংখ্যা ক্ৰমাগতভাবে ৪০ হাজাৰৰ ওপৰত আছে। এই উৰ্ধমুখী কোৰোণাৰ গ্ৰাফ চিন্তাৰ কাৰণ হৈ পৰিছে সকলোৰে বাবে। আশংকা কৰা হৈছে কোৰোণাৰ  তৃতীয় লহৰ (Corona Third Wave)ৰ সংক্ৰমণ আৰম্ভ হৈছে নেকি।

উল্লেখ্য দেশত এতিয়া শাৰদীয় উৎসৱ (Festive Season in India) আৰম্ভ হোৱাৰ সময়। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পৰা আৰম্ভ কৰি, গণেশ পূজা, দূৰ্গা পূজাকে ধৰি বিভিন্ন সম্প্ৰদায়ৰ লোকৰ উৎসৱৰ বতৰ আৰম্ভ হৈছে। এই উৎসৱৰ বতৰতে কোৰোণাৰ সংক্ৰমণ অধিক হোৱাৰো আশংকা কৰিছে বিশেষজ্ঞসকলে। ইতিমধ্যে কেৰালাত ওনাম উৎসৱ (Onam Festival)ৰ পিছত ৰাজ্যখনত হঠাৎ সংক্ৰমণৰ হাৰ দুগুণৰ অধিক হৈছিল। ফলত কেৰালাৰ ঘটনাই সকলোকে উদ্বিগ্ন কৰি ৰাখিছে।

উল্লেখ্য যে কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশজুৰি ভেকচিন (Corona Vaccine) প্ৰদানৰ গতি ক্ষিপ্ৰ কৰি তোলাৰ বাবে চৰকাৰে অহৰহ চেষ্টা কৰি আছে। শুকুৰবাৰে এদিনতে দেশত ১ কোটিৰ অধিক লোকক ভেকচিন প্ৰদান কৰি অভিলেখ গঢ়িছে ভাৰতে। এই পৰ্যন্ত দেশৰ ৬২ কোটি ৩০ লাখ লোকক কোৰোণা প্ৰতিষেধক প্ৰদান কৰা হৈছে। অসমতো ১ কোচিৰ অধিক লোকক প্ৰতিষেধক প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে।
Published by:Manjumoni Borah
First published: