Corona Cases in India: দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যাই ভংগ কৰিলে অভিলেখ, ২৪ ঘণ্টাত ১ লাখতকৈ অধিক লোক আক্ৰান্ত

News18 Assam | News18-Assam
Updated:April 5, 2021, 10:12 AM IST
Corona Cases in India: দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যাই ভংগ কৰিলে অভিলেখ, ২৪ ঘণ্টাত ১ লাখতকৈ অধিক লোক আক্ৰান্ত
দেশত ইয়াৰ পূৰ্বে কোৰোণাত সৰ্বাধিক লোক আক্ৰান্ত হৈছিল ১৭ ছেপ্টেম্বৰত।

দেশত ইয়াৰ পূৰ্বে কোৰোণাত সৰ্বাধিক লোক আক্ৰান্ত হৈছিল ১৭ ছেপ্টেম্বৰত।

  • Share this:
দেশত কোৰণা (Coronavirus)ৰ নতুন ঘটনাই বিগত বৰ্ষৰ সকলো অভিলেখ ভংগ কৰিলে। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাৰ ১,০৩,৮৪৪টা নতুন ঘটনা পোহৰলৈ আহিছে, যিটো এতিয়ালৈকে সৰ্ববৃহৎ। ভাৰত এতিয়া আমেৰিকাৰ পিছত দ্বিতীয় এনেকুৱা দেশ, য’ত এটা দিনত লক্ষাধিক লোক আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৪৭৮জন লোকৰ। দেশত ইয়াৰ পূৰ্বে কোৰোণাত সৰ্বাধিক লোক আক্ৰান্ত হৈছিল ১৭ ছেপ্টেম্বৰত। সেই সময়ত এদিনত কোৰোণাত সংক্ৰমিত লোকৰ সংখ্যা আছিল ৯৮,৭৯৫জন।


স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা সোমবাৰে পুৱা জাৰি কৰা সংখ্যা অনুসৰি, দেশত বিগত ২৪ ঘণ্টাত মুঠ ৮,৯৩,৭৪৯জন লোকৰ পৰীক্ষা কৰা হৈছে, য’ত ১,০৩,৫৫৮জন লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছ। আনহাতে, এই দিনটোত ৪৭৮জন লোকৰ মৃত্যু হৈছে। আনহাতে, ৫২,৮৪৭জন লোক কোৰোণাৰ পৰা মুক্ত হৈছে।
Published by: Sanjay Kumar Das
First published: April 5, 2021, 10:12 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি