Coronavirus : সাৱধান হওক, অত্যন্ত বিপজ্জনক ৰূপত আহিছে এই দ্বিতীয় ঢৌ! শিশু আৰু যুৱচাম অধিক আক্ৰান্ত হোৱাৰ আশংকা!

News18 Assam | News18-Assam
Updated:April 7, 2021, 6:38 PM IST
Coronavirus : সাৱধান হওক, অত্যন্ত বিপজ্জনক ৰূপত আহিছে এই দ্বিতীয় ঢৌ! শিশু আৰু যুৱচাম অধিক আক্ৰান্ত হোৱাৰ আশংকা!
১০ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত কোৰোণাৰ সংক্ৰমণৰ গতি নিৰন্তৰভাৱে বৃদ্ধি হৈ আছে।

১০ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত কোৰোণাৰ সংক্ৰমণৰ গতি নিৰন্তৰভাৱে বৃদ্ধি হৈ আছে।

  • Share this:
পুনৰ দেশত ভয়াৱহ ৰূপত গা কৰি উঠিছে কোৰোণাৰ সংক্ৰমণ আৰু এইবাৰ
মহামাৰীৰ কোৰোণাৰ এই দ্বিতীয় ঢৌত শিশুসকলৰ ক্ষেত্ৰত সংক্ৰমণৰ আশংকা অধিক দেখা গৈছে। বহু ৰাজ্যত, নৱজাতকৰ পৰা ১০ বছৰৰ তলৰ শিশু অধিক হাৰত কোৰোণাত সংক্ৰমিত হোৱা পৰিলক্ষিত হৈছে। মহাৰাষ্ট্ৰ, ছত্তীশগড়, কৰ্ণাটক, উত্তৰ প্ৰদেশকে ধৰি ৰাজধানী দিল্লীত শিশুসকলৰ ক্ষেত্ৰত কোৰোণাৰ সংক্ৰমণ দেখা গৈছে। কোৰোণা সংক্ৰমণৰ দ্বিতীয় ঢৌৰ পৰিসংখ্যাই চিন্তিত কৰি তুলিব পাৰে অভিভাৱকসকলক। কিয়নো ১০ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত কোৰোণাৰ সংক্ৰমণৰ গতি নিৰন্তৰভাৱে বৃদ্ধি হৈ আছে।

- মহাৰাষ্ট্ৰত ০-৫ বছৰ বয়সৰ প্ৰায় ৯,৯০০ শিশু আৰু ৬ৰ পৰা ১০ বছৰ বয়সৰ ১৫,০০০ শিশু সংক্ৰমিত হৈছে৷

- ছত্তীশগড়ত ০-৫ বছৰৰ ৯০০ শিশু আৰু ৬ৰ পৰা ১০ বছৰৰ ১,৪০০ শিশু সংক্ৰমিত হৈছে৷

- কৰ্ণাটকত ০-৫ বছৰৰ ৯০০ শিশু আৰু ৬ৰ পৰা ১০ বছৰৰ ১,২০০ শিশু সংক্ৰমিত হৈছে৷

- দিল্লীত ০-৫ বছৰৰ ৪৫০ শিশু আৰু ৬ ৰ পৰা ১০ বছৰৰ ৭০০ শিশু সংক্ৰমিত হৈছে ৷

- উত্তৰ প্ৰদেশত, ০-৫ বছৰ বয়সৰ প্ৰায় ৫০০ শিশু আৰু ৬ৰ পৰা ১০ বছৰ বয়সৰ প্ৰায় ৭০০ শিশু সংক্ৰমিত হৈছে।

আনফালে ১১ৰ পৰা ১৭ বছৰ বয়সৰ শিশুৰ সংক্ৰমণৰ হাৰ দ্ৰুত হোৱা পৰিলক্ষিত হৈছে। ১ মাৰ্চৰ পৰা ৪ এপ্ৰিলৰ ভিতৰত এই বয়সৰ গোটত কোৰোণা সংক্ৰমণৰ পৰিসংখ্যা যথেষ্ট উদ্বেগজনক হৈ পৰিছে। ছত্তীশগড়ত ১১ৰ পৰা ১৭ বছৰ বয়সৰ ভিতৰত ৩,৬৪৪গৰাকী, দিল্লীত ১,৬৩০গৰাকী, কৰ্ণাটকত ৫,২৮০গৰাকী, উত্তৰ প্ৰদেশত ১,৮৬২গৰাকী আৰু মহাৰাষ্ট্ৰত ৩৬,১৪২গৰাকী কোৰোণাত সংক্ৰমিত হৈছে। বিশেষজ্ঞসকলৰ মতে, শিশুৰ ক্ষেত্ৰত এনেদৰে অধিক হাৰত কোৰোণা সংক্ৰমণৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে নতুন প্ৰকাৰৰ উপস্থিতি।

আইএমএ(IMA)ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ কে কে আগৰৱালে News18 Indiaক জনায় যে, কোৰোণাৰ এই দ্বিতীয় ঢৌত আন বিভিন্ন ভাইৰাছৰ সংযোগ ঘটিছে। তাৰ ভিতৰত এটা পঞ্জাবত আটাইতকৈ বেছি পৰিমাণে দেখিবলৈ পোৱা গৈছে, যি ইউ কে প্ৰকাৰৰ আৰু এই ভাইৰাছ শিশুৰ ক্ষেত্ৰত অধিক বিয়পিবলৈ লৈছে। তেওঁ কয়, আমি ১০ বছৰ বয়সৰ তলৰ শিশুৰ ক্ষেত্ৰতো এই ভাইৰাছ ব্যাপক হাৰত দেখিবলৈ পাইছো, কিন্তু শিশুৰ ক্ষেত্ৰত ভাইৰাছটো পূৰ্বৰ দৰে গুৰুতৰ নহয়। পৰৱৰ্তী সময়ত কি হ'ব সেয়া ক’ব নোৱাৰি। কিন্তু পাঁচ বছৰতকৈ অধিক বয়সৰ শিশুসকলে মাস্ক পিন্ধি নিজকে সুৰক্ষিত কৰিব লাগিব।

আনহাতে, এইমছৰ প্ৰাক্তন সঞ্চালক ডাঃ এম চি মিশ্ৰই News18 Indiaক কয় যে ছেপ্টেম্বৰ মাহত ১৮ বছৰৰ তলৰ ৮.৫% শিশু সংক্ৰমিত হৈছিল, তাৰ ভিতৰত মৃত্যুৰ সংখ্যা নগণ্য আছিল। গুৰুতৰ পৰ্যায়ত উপনীত নোহোৱাকৈয়ে তেওঁলোক সুস্থ হৈ উঠিছিল৷ কিন্তু কোৰোণাৰ এই দ্বিতীয় ঢৌ শিশুসকলৰ বাবে অধিক বিপদজ্জনক হিচাপে প্ৰমাণিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।

লগতে তেওঁ কয় যে, এইবাৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। বিশেষকৈ সংক্ৰমণৰ গতি বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰত, কোভিডৰ উপযুক্ত আচৰণ অনুসৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। শিশুসকলৰ ক্ষেত্ৰত কোনো বেলেগ লক্ষণ নাই, যিবোৰ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত থাকে সেইসমূহ লক্ষণেই আছে শিশুসকলৰ ক্ষেত্ৰতো।
Published by: Sanjay Kumar Das
First published: April 7, 2021, 6:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি