Corona 2nd Wave: কোৰোণাৰ দ্বিতীয় ঢৌত উত্তাল দেশ, কাম এৰি ঘৰলৈ উভতিছে প্ৰব্ৰজিত শ্ৰমিক

আকৌ দেশত ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ।
আকৌ দেশত ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ।
- News18 Assam
- Last Updated: April 5, 2021, 5:28 PM IST
কোৰোণাই সৰ্বাধিক ক্ষতি কৰিছে মহাৰাষ্ট্ৰক। কোৰোণাৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত দেওবাৰে মহাৰাষ্ট্ৰ চৰকাৰে এখন জৰুৰী বৈঠকৰ আহ্বান কৰে। আৰু সিদ্ধান্ত লোৱা হয় যে, ৰাজ্যখনত কোৰোণাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতি শুকুৰবাৰে নিশাৰ পৰা সোমবাৰে পুৱালৈকে সাপ্তাহিক ল'কডাউন বলবৎ কৰা হ'ব। সেইদৰে বাকী কেইদিনটো বহু নিয়ম নীতি মানি চলিব লাগিব।
মহাৰাষ্ট্ৰৰ পৰা ইতিমধ্যে ঘৰলৈ উভতিছে প্ৰব্ৰজিত শ্ৰমিকসকল। বিহাৰ, উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগৰ পৰা কামৰ সন্ধানত আহি মহাৰাষ্ট্ৰত থকা বহুলোক এতিয়া পুনৰ উভতি গৈছে নিজ নিজ গাঁৱলৈ।