• Home
  • »
  • News
  • »
  • nation
  • »
  • লকডাউনৰ মাজতে ভয়ংকৰ ঘটনা, পঞ্জাবত ‘নিহাং’ গোটৰ সদস্যই কাটিলে আৰক্ষীৰ হাত, কেইবাজনো আহত

লকডাউনৰ মাজতে ভয়ংকৰ ঘটনা, পঞ্জাবত ‘নিহাং’ গোটৰ সদস্যই কাটিলে আৰক্ষীৰ হাত, কেইবাজনো আহত

পঞ্জাবৰ ডিজিপি দিনকৰ গুপ্তা

পঞ্জাবৰ ডিজিপি দিনকৰ গুপ্তা

এই ঘটনাক অতি দুৰ্ভাগ্যজনক আখ্যা দিছে পঞ্জাবৰ ডিজিপি দিনকৰ গুপ্তাই

  • Share this:
দেশজোৰা লকডাউনৰ মাজতে পঞ্জাবত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। পাটিয়ালাৰ এখন পাচলি বজাৰত ‘নিহাং’ৰ এটা গোটৰ সৈতে সংঘাত হয় আৰক্ষীৰ। এই সংঘাতত নিহাঙৰ সদস্যই কাটি পেলালে এজন আৰক্ষীৰ হাত। আন কেইবাজনো আৰক্ষী আহত হৈছে এই সংঘৰ্ষত।

এ এন আইৰ খবৰ অনুসৰি, পঞ্জাবৰ ডিজিপি দিনকৰ গুপ্তাই কয় যে নিহাঙৰ সদস্যই কাটি পেলাইছে আৰক্ষীৰ উপ–পৰিদৰ্শক হৰজিৎ সিঙৰ হাত। ততাতৈয়াকৈ তেওঁক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ছবজি মণ্ডিত যাবলৈ মানা কৰাৰ বাবেই আৰক্ষীৰ ওপৰত আক্ৰমণ চলায় নিহাঙৰ সদস্যই।

এয়া অতি দুৰ্ভাগ্যজনক ঘটনা আখ্যা দি ডিজিপিয়ে টুইটাৰত লিখিছে – ‘পাটিয়ালাৰ ছবজি মণ্ডিত সংঘটিত এই ঘটনাত কেইবাজনো আৰক্ষী আহত হৈছে। এ এছ আই হৰজিৎ সিঙৰ হাত কটা হৈছে, তেওঁক চণ্ডীগড়ৰ পিজিআইত ভৰ্তি কৰোৱা হৈছে।’

ডিজিপিয়ে কয়, এই ঘটনাত জড়িত নিহাং গ্ৰুপৰ সদস্যক গ্ৰেপ্তাৰ কৰা হ’ব আৰু শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। হাস্পতালত এ এছ আই হৰজিৎ সিঙৰ অস্ত্ৰোপচাৰ আৰম্ভ হৈছে বুলিও মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি