• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘মই মোৰ প্ৰেমৰ মূল্য বিচাৰো’ – এহাতে প্ৰেমিকাৰ ফটো, আনখন হাতত পোষ্টাৰ লৈ প্ৰেমিকাৰৰ ঘৰৰ সন্মুখত ধৰ্ণাত বহিল প্ৰেমিক

‘মই মোৰ প্ৰেমৰ মূল্য বিচাৰো’ – এহাতে প্ৰেমিকাৰ ফটো, আনখন হাতত পোষ্টাৰ লৈ প্ৰেমিকাৰৰ ঘৰৰ সন্মুখত ধৰ্ণাত বহিল প্ৰেমিক

কোনোপধ্যেই প্ৰশান্তৰ সৈতে তেওঁলোকৰ কন্যাক বিয়া নিদিয়ে বুলি জনালে যুৱতীৰ পৰিয়ালে। ঘৰত মান্তি নহ’লে বিয়া সম্ভৱ নহয় বুলি প্ৰেমিকায়ো স্পষ্টকৈ জনাই দিলে প্ৰশান্তক।

  • Share this:

‘মই মোৰ প্ৰেমৰ মূল্য বিচাৰো’, ‘মোৰ ভালপোৱা ঘূৰাই দিয়ক’। এই দাবীৰে প্ৰতিবাদত বহিল এজন প্ৰেমিক। এখন হাতত প্ৰেমিকাৰ ফটো আৰু আনখন হাতত পোষ্টাৰ লৈ প্ৰেমিকাৰ ঘৰৰ সন্মুখত প্ৰতিবাদত বহিল প্ৰেমিক।

ঘটনাটো কোচবিহাৰৰ বক্সিৰহাটৰ মন্তানি কালীবাৰী অঞ্চলৰ। প্ৰতিবাদত বহা যুৱকজনৰ নাম প্ৰশান্ত বৰ্মন। মান্তানি কালীবাৰী অঞ্চলৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় এবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল প্ৰশান্তৰ। কিন্তু প্ৰেমৰ পিছত যেতিয়া বিয়াৰ কথা আহিল, বিধি–পথালি দিলে পৰিয়ালে। বিয়াৰ বাবে মান্তি নহ’ল প্ৰেমিকাৰ পৰিয়াল।

কোনোপধ্যেই প্ৰশান্তৰ সৈতে তেওঁলোকৰ কন্যাক বিয়া নিদিয়ে বুলি জনালে যুৱতীৰ পৰিয়ালে। ঘৰত মান্তি নহ’লে বিয়া সম্ভৱ নহয় বুলি প্ৰেমিকায়ো স্পষ্টকৈ জনাই দিলে প্ৰশান্তক। আৰু তাৰ পিছতে একো উৱাদিহ নাপাই ধৰ্ণাত বহিল প্ৰশান্ত। দাবী তুলিলে – ‘মোক মোৰ প্ৰেমৰ মূল্য লাগে’।

এই ঘটনা অঞ্চলটোত বনজুইৰ দৰে বিয়পি পৰিল। দুঘণ্টা প্ৰতিবাদত বহাৰ পিছত প্ৰেমিকাৰ পৰিয়ালৰ অভিযোগ পাই ঘটনাস্থলীলৈ আহিল আৰক্ষী। থানালৈ নিব বিচাৰিলে প্ৰতিবাদকাৰী প্ৰেমিকক। তাৰ পিছতে প্ৰেমিকৰ বন্ধুবৰ্গৰ সৈতে সংঘাত হয় আৰক্ষীৰ। চলিল লাঠিচাৰ্জ। পিছত পলায়ন কৰিবলৈ বাধ্য হ’ল প্ৰেমিক আৰু তেওঁৰ বন্ধুবৰ্গ। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

Published by:Sanjay Kumar Das
First published: