ধৰ্মান্ধ! ইছলামধৰ্মী হোৱাৰ বাবেই সংস্কৃতৰ প্ৰৱক্তাক যোগদান কৰাত বাধা BHUৰ ছাত্ৰ–ছাত্ৰীৰ

News18-Assam
Updated:November 20, 2019, 6:33 PM IST
ধৰ্মান্ধ! ইছলামধৰ্মী হোৱাৰ বাবেই সংস্কৃতৰ প্ৰৱক্তাক যোগদান কৰাত বাধা BHUৰ ছাত্ৰ–ছাত্ৰীৰ
‘মোৰ ধৰ্ম ইছলাম হ’ল বুলিয়েই মই সংস্কৃত পঢ়াব নোৱাৰিম বুলি কি কথা আছে। ধৰ্মৰ আধাৰত মোক বিৰোধ কৰা দেখি মই বৰ মৰ্মাহত হৈছো।’

‘মোৰ ধৰ্ম ইছলাম হ’ল বুলিয়েই মই সংস্কৃত পঢ়াব নোৱাৰিম বুলি কি কথা আছে। ধৰ্মৰ আধাৰত মোক বিৰোধ কৰা দেখি মই বৰ মৰ্মাহত হৈছো।’

  • Share this:
সংস্কৃত বিষয়ত এগৰাকী ইছলামধৰ্মী প্ৰৱক্তাক নিযুক্তি দিয়াক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে ঐতিহ্যমণ্ডিত বানাৰস হিন্দু বিশ্ববিদ্যালয়। সংস্কৃত বিভাগত মুছলমান প্ৰৱক্তাক নিযুক্তি দিয়াত প্ৰতিবাদত বহিছে বিশ্ব বিদ্যালয় খনৰ ছাত্ৰ–ছাত্ৰীসকল। বিশ্ববিদ্যালয়খনত গৰিমা লাঘৱ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে এগৰাকী মুছলমান ব্যক্তিক কেতিয়াও সংস্কৃতৰ প্ৰৱক্তা হিচাপে মানি ল’ব নোৱাৰো বুলি প্ৰতিবাদত নামিছে বিভাগটোৰ ছাত্ৰ–ছাত্ৰীসকল। উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়খনৰ সংস্কৃত বিভাগত প্ৰথমবাৰৰ বাবে ফিৰোজ খান নামৰ এগৰাকী ইছলামধৰ্মী লোকক নিযুক্তি দিয়াত চাৰিদিন ধৰি ধৰ্ণা–প্ৰতিবাদ অব্যাহত আছে শ্ববিদ্য়ালয়খনৰ চৌহদত।

বিশ্ববিদ্যালয়খনত ছাত্ৰ–ছাত্ৰীৰ প্ৰতিবাদ চলি থকাৰ মাজতে  ফিৰোজ খানে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া। ফিৰোজ খানে কয় যে, ‘মোৰ ধৰ্ম ইছলাম হ’ল বুলিয়েই মই সংস্কৃত পঢ়াব নোৱাৰিম বুলি কি কথা আছে। সংস্কৃত মোৰ পৰিয়ালে পঢ়িছে। মই সৰুৰে পৰাই ঘৰত ভগৱান শ্ৰীকৃষ্ণৰ ফটো দেখিছো। মোৰ ককা গফুৰ খানে ৰাজস্থানত হিন্দু দেৱ দেৱীৰ ভজন গাইছিল। সৰুৰে পৰা সংস্কৃত বিষয়ত গৱেষণা কৰা পৰ্যন্ত কোনো দিন এনেদৰে ধৰ্মীয় আক্ৰোশৰ বলি হোৱা নাছিলো। কিন্তু BHU ত আজি ধৰ্মৰ আধাৰত মোক বিৰোধ কৰা দেখি মই বৰ মৰ্মাহত হৈছো।’

ইফালে সংস্কৃতৰ প্ৰৱক্তাজন মুছলামান হোৱাৰ বাবেই ছাত্ৰ–ছাত্ৰীয়ে বিৰোধ কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ তথা অভিনেতা পৰেশ ৰাৱলে। বিজেপিৰ সাংসদ জনে কয় যে, ‘ধৰ্ম ইছলাম হ’ল কি হ’ল, তেওঁ সংস্কৃত বিষয়ত গৱেষক, এনেধৰণৰ কাম কাজ সমাজৰ বাবে ক্ষতিকাৰক।’
আৰু চাওক
পৰৱৰ্তী বাতৰি