নিশিথ প্ৰামাণিক ভাৰতৰ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী হোৱাৰ পিছতে বাংলাদেশত আনন্দৰ বন্যা!

News18 Assam | News18-Assam
Updated:July 19, 2021, 10:55 AM IST
নিশিথ প্ৰামাণিক ভাৰতৰ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী হোৱাৰ পিছতে বাংলাদেশত আনন্দৰ বন্যা!
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো নিশিথ প্ৰামাণিক বাংলাদেশী নাগৰিক বুলি একাংশ সংবাদ মাধ্যমৰ বাতৰিৰ আঁত ধৰি পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীলৈ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো নিশিথ প্ৰামাণিক বাংলাদেশী নাগৰিক বুলি একাংশ সংবাদ মাধ্যমৰ বাতৰিৰ আঁত ধৰি পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীলৈ।

  • Share this:
কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশিথ প্ৰামাণিকৰ নাগৰিকত্বক লৈ অব্যাহত আছে বিতৰ্ক। সংবাদ মাধ্যমত এই বিষয়টোক লৈ ব্যাপক প্ৰচাৰ লাভ কৰাৰ পিছতে চৰ্চাৰ বিষয় হৈ পৰিছে সমগ্ৰ দেশত। নিশিথ প্ৰামাণিক মন্ত্ৰী হোৱাৰ পিছত বাংলাদেশত আনন্দৰ বন্যা বোৱাৰ খবৰো প্ৰকাশ পাইছে। ছপা মাধ্যমৰ লগতে একাংশ টিভি চেনেলতো এই সন্দৰ্ভত খবৰ প্ৰচাৰিত হৈছে।

মাছুম বিল্লাহৰ ৰিপ’ৰ্টৰ ভিত্তিত অসমীয়া প্ৰতিদিনত প্ৰকাশিত খবৰ অনুসৰি, নিশিথ প্ৰামাণিকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত বাংলাদেশত আনন্দৰ বন্যা বয়। বাংলাদেশৰ গাইবান্ধাৰ ভেলাকোপা গাঁৱত থকা পিতৃগৃহত দেখা যায় উছাহ। নিশিথ মন্ত্ৰী হোৱাৰ আনন্দত আত্মীয়ই প্ৰতিৱেশীৰ মাজত বিতৰণ কৰে মিঠাই।

আনহাতে, বাংলাদেশৰ সংবাদ মাধ্যম ‘প্ৰথম আলো’ত প্ৰকাশ পোৱা অনুসৰি, নিশিথ প্ৰামাণিকে মন্ত্ৰীসভাত স্থান পোৱাৰ পিছতে বাংলাদেশৰ উত্তৰাঞ্চলৰ জিলা গাইবান্ধাৰ হৰিনাথপুৰ ইউনিয়নৰ ভেলাকোপা গাঁৱত বয় আনন্দৰ বন্যা। খবৰ কাকতখনৰ মতে, গাঁওখনত এতিয়াও বাস কৰে নিশিথৰ আত্মীয়–স্বজন। ঘৰৰ ল’ৰা মন্ত্ৰী হোৱাৰ খবৰত আনন্দিত তেওঁলোক। বিতৰণ কৰিছে মিঠাই।

‘প্ৰথম আলো’ত ১১ জুলাইত প্ৰকাশ পোৱা খবৰ অনুসৰি, নিশিথৰ জেঠায়েক দক্ষিণা ৰঞ্জন প্ৰামাণিক ভেলাকোপাৰ পুৰণি বাসিন্দাসকলৰ ভিতৰত এজন। দক্ষিণা ৰঞ্জন প্ৰামাণিকে কয়, ‘‘নিশিথৰ পিতৃৰ নাম বিধু ভূষণ প্ৰামাণিক। তেওঁ দেশ ভাগ হোৱাৰ পূৰ্বেই ভাৰতৰ কোচবিহাৰলৈ যায়। তাতেই বিয়া কৰাই স্থায়ীভাৱে বসবাস কৰিছে। বিধু ভূষণৰ একমাত্ৰ সন্তান নিশিথ। পূৰ্বে সাংসদ হৈছে, এইবাৰ মন্ত্ৰীসভাত স্থান পাইছে। মাত্ৰ ৩৫ বছৰতে ইমান সফলতা! প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ ভাষা নাই।’’

সংবাদ পত্ৰখনত প্ৰকাশ পোৱা অনুসৰি, নিশিথ প্ৰামাণিক মন্ত্ৰী হোৱাৰ খবৰ শুনি আনন্দিত সম্পৰ্কীয় ভাতৃ সঞ্জিন কুমাৰ প্ৰামাণিকে কয়, ‘‘কম্পিউটাৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে নিশিথে। লিখা–পঢ়া শেষ কৰি শিক্ষকতাৰ বৃত্তিত জড়িত হয়। কিছুদিন পিছত শিক্ষকতা এৰি দিয়ে। আৰম্ভ কৰে ৰাজনীতি। কোচবিহাৰত তেওঁৰ জনপ্ৰিয়তা আছে। নিশিথ মন্ত্ৰী হোৱাত মই খুবেই আনন্দিত।’’

উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো নিশিথ প্ৰামাণিক বাংলাদেশী নাগৰিক বুলি একাংশ সংবাদ মাধ্যমৰ বাতৰিৰ আঁত ধৰি পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীলৈ। পত্ৰত তেওঁ প্রধানমন্ত্ৰীৰ হস্তক্ষেপত এক নিকা আৰু স্বচ্ছ তদন্তৰ দাবী জনায়। পত্ৰৰ আৰম্ভণিতে তেওঁ প্ৰমানিকৰ জন্মস্থান আৰু নাগৰিকত্বৰ সন্দৰ্ভত এক গুৰুতৰ আৰু সংবেদনশীল অভিযোগ উত্থাপন হোৱা বুলি উল্লেখ কৰিছে।

সংবাদ মাধ্যমৰ উদ্ধৃতি প্ৰদান কৰি অসম কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় – প্ৰমানিকৰ জন্মস্থান বাংলাদেশৰ গাইবন্ধা জিলাৰ পলাশবাৰী পুলিচ থানাৰ অন্তৰ্গত হৰিনাথপুৰ গাঁৱত। তেওঁ পশ্চিম বংগলৈ কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিল।

বৰাই লগতে কয় – উচ্চ শিক্ষা গ্ৰহণ কৰি তেওঁ প্ৰথমে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে আৰু তাৰ পিছত ভাৰতীয় জনতা পাৰ্টীলৈ যায়। বৰাই সংবাদ মাধ্যমত প্ৰকাশ পোৱা তেওঁৰ জন্ম গাঁৱৰ লোকসকল নিশিতৰ সাফল্যত উৎফুল্লিত হোৱা ভিডিঅ’ৰ কথাও পত্ৰত উল্লেখ কৰে। উৎফুল্লিত হোৱা এজন তেওঁৰ জ্যেষ্ঠ ভাতৃ বুলিও বাতৰিৰ উদ্ধৃতি দিয়ে।



নিৰ্বাচনী প্ৰতিশ্ৰুতিত তেওঁ নথি জালিয়াতি কৰি জন্মস্থান কোচবিহাৰ দেখুওৱা বুলিও পত্ৰত অভিযোগ উত্থাপন কৰে বৰাই। এনে পৰিপ্ৰেক্ষিতত বৰাই প্ৰধানমন্ত্ৰীক এক তদন্তৰ নির্দেশ দিবলৈ দাবী জনায়। ৩৫ বছৰীয়া প্ৰমানিক কোচবিহাৰৰ বিজেপি সাংসদ আৰু তেওঁ মোদী মন্ত্ৰী মণ্ডলৰ অন্যতম কনিষ্ঠ মন্ত্ৰী।
Published by: Sanjay Kumar Das
First published: July 19, 2021, 10:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি