তিৰুৱনন্তপুৰমঃ ইলেকট্ৰনিক সামগ্ৰীৰ দোকানৰ পৰা এচি, ফ্ৰীজ, ৱাশ্বিং মেচিন যিসকলে কিনিছে তেওঁলোকৰ ভিতৰত কোনোবা ২৪ ঘণ্টাৰ ভিতৰত কোৰোণাত আক্ৰান্ত হ’লে পাব ৫০হাজাৰ টকা পৰ্যন্ত কেচবেক। এনে এক উদ্ভট অফাৰ দিছিল কেৰালাৰ কোৱাট্টাম জিলাৰ এখন ইলেকট্ৰনিক সামগ্ৰীৰ দোকানে। লগে লগে ভিৰ উপচি পৰে দোকানখনত।দোকান কর্তৃপক্ষৰ দাবী, লকডাউনৰ পিছত দীর্ঘদিন ধৰি দোকান বন্ধ থকাৰ কাৰণে ক্রেতা টানিবলৈ এই পৰিকল্পনা কৰা হৈছিল। কিন্তু কোৰোণাৰ সংক্ৰমণক লৈ এনে উদ্ভট অফাৰ দিয়া বিজ্ঞাপনৰ বাবে বিতৰ্ক আৰম্ভ হৈছে।
এটা সংবাদমাধ্যমত দাবী কৰা হৈছে, স্বাধীনতা দিৱসৰ কেইদিনমান পূৰ্বে এই বিষয়ত বিজ্ঞাপন দিয়া হৈছিল। তাত কোৱা হৈছিল ১৫ৰ পৰা ৩০আগষ্টৰ ভিতৰত যিসকলে এই দোকানৰ পৰা ইলেকট্ৰনিক সামগ্ৰী ক্ৰয় কৰিব তেওঁলোকৰ মাজত কোনোবা যদি ২৪ঘণ্টাৰ ভিতৰত কোৰোণাত আক্ৰান্ত হয় তেনেহ’লে তেওঁ ৫০হাজাৰ টকা পৰ্যন্ত কেচবেক পাব। নিমিষতে সকলোতে বিয়পি পৰে এই বিজ্ঞাপন।
কিন্তু প্রশাসনৰ দৃষ্টি পৰাৰ লগে লগে তৎপৰতা প্ৰদৰ্শন কৰে চৰকাৰে। স্থানীয় পৌৰ কৰ্তৃপক্ষই এই বিষয়টো অৱগত কৰাই পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী পিনায়ৰাই বিজয়নৰ ওচৰত। লগে লগে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা হয় এইধৰণৰ বিজ্ঞাপন বে আইনী। কোৰোণা গণ সংক্ৰমণৰ ফালে ঠেলি দিব পাৰে এনে বিজ্ঞাপনে। দোকানীয়ে সামাজিক দায়িত্ব পাহৰি যোৱা কাৰ্যক ভৎৰ্সনা কৰি গোচৰ ৰুজু কৰা হয়।
FIRST PUBLISHED : August 19, 2020, 13:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।