• Home
  • »
  • News
  • »
  • nation
  • »
  • প্ৰসংগঃ দিল্লী নগৰ নিগম নিৰ্বাচনৰ টিকট! প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পৰা ধন লোৱাৰ অভিযোগত আপৰ বিধায়কৰ ৩ সহযোগীক গ্ৰেপ্তাৰ

প্ৰসংগঃ দিল্লী নগৰ নিগম নিৰ্বাচনৰ টিকট! প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পৰা ধন লোৱাৰ অভিযোগত আপৰ বিধায়কৰ ৩ সহযোগীক গ্ৰেপ্তাৰ

Photo Source- ANI

Photo Source- ANI

অভিযোগ অনুসৰি টিকটৰ নামত ইতিমধ্যে লৈছিল ৩৫ লাখ টকা

  • Share this:
দিল্লীৰ আগন্তুক নগৰ নিগম নিৰ্বাচন (এমচিডি)ত ধন লৈ টিকট বিক্ৰী কৰাৰ অভিযোগত আৰক্ষীৰ দুৰ্নীতি বিৰোধী শাখাই তিনিজন নেতাক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা আৰোপীসকলৰ ভিতৰত মডেল টাউনৰ পৰা আপৰ বিধায়ক অখিলেশ পতি ত্ৰিপাঠীৰ এজন আত্মীয় আৰু এজন ব্যক্তিগত সহায়ক আছে। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি এই লোককেইজনে ধন লৈ এমচিডি নিৰ্বাচনৰ টিকট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এই কাৰ্যত আপৰ বিধায়ক অখিলেশ পতি ত্ৰিপাঠীৰ আত্মীয় ঔম সিং, ব্যক্তিগত সহায়ক (পিএ) শিৱ সিং শংকৰ ত্ৰিপাঠী আৰু প্ৰিন্স ৰঘুবংশীক গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে, আৰোপীসকলে শোভা খাৰী নামৰ মহিলাক টকাৰ সলনি এমচিডি নিৰ্বাচনৰ টিকট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। শোভা খাৰীৰ স্বামী গোপাল খাৰীয়ে বিগত ১৪ নৱেম্বৰত দুৰ্নীতি বিৰোধী শাখাত এক গোচৰ ৰুজু কৰিছিল।

গোপালে কয় যে তেওঁ ২০১৪ চনৰ পৰা আম আদমী পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে আছে। লগতে বিগত ৯ নৱেম্বৰত অখিলেশ পতি ত্ৰিপাঠীয়ে তেওঁক কমলা নগৰ ৱাৰ্ড নম্বৰ ৬৯ৰ পৰা তেওঁৰ পত্নী শোভাক টিকট দিয়া আৰু ইয়াৰ বাবে ৯০ লাখ টকাৰ ধন দাবী কৰিছিল বুলি অভিযোগ উত্থাপন কৰে।

গোপালৰ মতে, তেওঁ অখিলেশ পতি ত্ৰিপাঠীক ৩৫ লাখ টকা আৰু ৱাজিৰপুৰৰ আপৰ বিধায়ক ৰাজেশ গুপ্তাক ২০ লাখ টকা দিছিল। বাকী ৩৫ লাখ টিকট পোৱাৰ পিছত দিয়া হ'ব বুলি ঠিক কৰিছিল। কিন্তু বিগত ১২ নৱেম্বৰত আপে জাৰি কৰা টিকটৰ তালিকাত গোপালৰ পত্নীৰ নাম অন্তৰ্ভুক্ত নাছিল। গোপালে এই বিষয়ত অখিলেশ পতি ত্ৰিপাঠীৰ সৈতে কথা পাতিছিল আৰু অখিলেশে কোনো সমস্যা নাই, পৰৱৰ্তী নিৰ্বাচনত তেওঁ টিকট পাব বুলি আশ্বাস দিছিল। ইয়াৰ পিছতেই গোপালে দুৰ্নীতি বিৰোধী শাখাৰ ওচৰত অভিযোগ কৰিছিল আৰু প্ৰমাণ হিচাপে লেনদেনৰ অডিঅ' আৰু ভিডিঅ' আগবঢ়াইছিল। দুৰ্নীতি বিৰোধী শাখাৰ দলে বিগত ১৫ আৰু ১৬ নৱেম্বৰত ট্ৰেপ লগাই তিনিজন অভিযুক্তক গোপাল খাৰীৰ ঘৰৰ পৰা হাতে–লোটে গ্ৰেপ্তাৰ কৰিছিল। দুৰ্নীতি বিৰোধী শাখাৰ মতে, সেই সময়ত গ্ৰেপ্তাৰ হোৱা অভিযুক্তজনে ৩৫ লাখ টকাৰ ৩৩ লাখ টকা ঘূৰাই দিবলৈ আহিছিল।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি