এতিয়া অধিবক্তা অবিহনেই আপুনি চলাব পাৰিব গোচৰ, মোদী চৰকাৰে দিলে এই অধিকাৰ

এতিয়া বিজ্ঞাপনত মিছা প্ৰতিশ্ৰুতি বা ভুল তথ্য দিলে কোম্পানী, সেৱা প্ৰদানকাৰী আৰু সেই বিজ্ঞাপনত অংশ লোৱা তাৰকাৰ হ’ব পাৰে শাস্তি।

News18-Assam
Updated:August 14, 2019, 9:19 AM IST
এতিয়া অধিবক্তা অবিহনেই আপুনি চলাব পাৰিব গোচৰ, মোদী চৰকাৰে দিলে এই অধিকাৰ
এতিয়া বিজ্ঞাপনত মিছা প্ৰতিশ্ৰুতি বা ভুল তথ্য দিলে কোম্পানী, সেৱা প্ৰদানকাৰী আৰু সেই বিজ্ঞাপনত অংশ লোৱা তাৰকাৰ হ’ব পাৰে শাস্তি।
News18-Assam
Updated: August 14, 2019, 9:19 AM IST
সংসদৰ দুয়ো সদনত গৃহীত হ’ল Consumer Protection Bill 2019। সংসদত অনুমোদন লাভ কৰাৰ পিছত এতিয়া চৰকাৰে ইয়াক কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে। সংসদৰ দুয়ো সদনত বিধেয়কখন গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে অনুমোদন দিলেই পৰিণত হ’ব আইনত। উপভোক্তা পৰিক্ৰমা বিভাগৰ সচিব অবিনাশ শ্ৰীবাস্তৱে কয় যে ৩ মাহৰ ভিতৰত নিয়মসমূহ প্ৰস্তুত হ’ব। এই নতুন আইনখনে জনসাধাৰণক কোনো অধিবক্তা অবিহনেই গোচৰ চলোৱাৰ অধিকাৰ প্ৰদান কৰিব।

Consumer Protection Bill 2019ত চেন্ট্রেল কনজিউমাৰ প্ৰটেকচন অথৰিটীক কেইবাটাও গুৰুত্বপূৰ্ণ অধিকাৰ প্ৰদান কৰা হৈছে। ইয়াৰ দ্বাৰা দূৰ হ’ব জনসাধাৰণৰ সমস্যা। CCAPত থাকিব ইনভেষ্টিগেচন উইং। CCAPৰ দ্বাৰা কোম্পানীসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইনভেষ্টিগেচন উইঙৰ প্ৰধান হ’ব ডিজি, লগত থাকিব কেইবাজনো বিষয়া।

বিজ্ঞাপনত মিছা প্ৰতিশ্ৰুতি দিলে যাব লাগিব জে’ল

এতিয়া বিজ্ঞাপনত মিছা প্ৰতিশ্ৰুতি বা ভুল তথ্য দিলে কোম্পানী, সেৱা প্ৰদানকাৰী আৰু সেই বিজ্ঞাপনত অংশ লোৱা তাৰকাৰ হ’ব পাৰে শাস্তি। দোষী সাব্যস্ত হ’লে হ’ব পাৰে জৰিমনা বা জে’ল। এই বিধেয়কখনত প্ৰস্তাৱ ৰখা হৈছে যে কোনো বিজ্ঞাপনত যদি ভুল তথ্য প্ৰচাৰ কৰে তেন্তে তাক অপৰাধ হিচাপে গণ্য কৰা হ’ব। এই বিধেয়কখনৰ মাধ্যমেৰে দিল্লীত চৰকাৰৰ ফালৰ পৰা নিযুক্ত কৰা মুখ্য আয়ুক্তৰ অধ্যক্ষতাত এখন কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ গঠন কৰা হ’ব, যিখনে উপভোক্তাৰ অধিকাৰৰ হনন, বিজ্ঞাপনৰ অনৈতিক পদ্ধতি বা ভুৱা প্ৰতিশ্ৰুতি দিয়া বিজ্ঞাপন নিৰীক্ষণ কৰিব।

এই বিধেয়কখনৰ মতে, সেৱা প্ৰদানকাৰীৰ ১০ লাখ টকাৰ জৰিমনাৰ লগতে ২ বছৰ পৰ্যন্ত জে’ল হ’ব পাৰে। ইফালে, মিছা প্ৰতিশ্ৰুতি দিয়া বিজ্ঞাপনত অংশ লোৱা তাৰকাৰ ১০ লাখ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে। বাৰে বাৰে এনে ভুল কৰিলে প্ৰাধিকৰণে ৫০ লাখ টকাৰ জৰিমনাৰ লগতে ৫ বছৰৰ কাৰাদণ্ড বিহিব পাৰে। ইমানেই নহয়, এনেধৰণৰ ভুলৰ বাবে বিজ্ঞাপনত অংশ লোৱা তাৰকাক এবছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰিবও পাৰে। বাৰে বাৰে ভুল কৰিলে এই শাস্তিৰ পৰিমাণ তিনি বছৰলৈ বৃদ্ধি কৰা হ’ব পাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি