বিভ্ৰান্তিকৰ বিজ্ঞাপন! চেলিব্ৰেটিৰো হ’ব পাৰে ২বছৰৰ কাৰাদণ্ড, ১০লাখ টকাৰ জৰিমনা

উপভোক্তাৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ নতুন আইন অনাৰ যো–জা।

News18
Updated:July 31, 2019, 4:52 PM IST
বিভ্ৰান্তিকৰ বিজ্ঞাপন! চেলিব্ৰেটিৰো হ’ব পাৰে ২বছৰৰ কাৰাদণ্ড, ১০লাখ টকাৰ জৰিমনা
উপভোক্তাৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ নতুন আইন অনাৰ যো–জা।
News18
Updated: July 31, 2019, 4:52 PM IST
বিভ্ৰান্তিকৰ বিজ্ঞাপনে অশান্তি দিছে নে কি? শীঘ্ৰেই আপোনাৰ উপভোক্তা অধিকাৰ সুৰক্ষিত কৰিবলৈ আহি আছে এক নতুন আইন। এই নতুন নিয়মত বিজ্ঞাপনত মিছা দাবী অথবা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী। বিজ্ঞাপনৰ দাবী মিছা প্ৰমাণিত হলে শাস্তি মুৰ পাতি লব লাগিব প্ৰতিষ্ঠানটোৰ লগতে বিজ্ঞাপনত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীও। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে লোকসভাত গৃহীত কৰিছে এই বিশেষ বিধেযয়কখন। গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা এই বিধেয়কখনৰ নাম ‘গ্ৰাহক সুৰক্ষা বিধেয়ক ২০১৯’ (Consumer Protection Bill 2019)।

এই বিধেয়কৰ জৰিয়তে বিজ্ঞাপনত কোনোৱে মিছা দাবী অথবা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ২ বছৰৰ জেলৰ লগতে ভৰিব লাগিব ১০ লাখ টকাৰ জৰিমনা। প্ৰিন্ট মিডিয়া, টেলিভিছন অথবা ৰেডিঅত প্ৰচাৰ কৰা যিকোনো বিজ্ঞাপনত নজৰ ৰাখিবৰ বাবে কেন্দ্ৰই এখন উচ্চস্তৰীয় কমিটি গঠন কৰাৰ কথায়ো উল্লেখ কৰিছে বিধেয়কখনত।
বিধেয়কখন আইনলৈ পৰিণত হোৱাৰ পিছত বাৰে বাৰে যদি কোনো প্ৰতিষ্ঠানে মিছা প্ৰতিশ্ৰুতিৰে বিজ্ঞাপন পৰিৱেশন কৰি থাকে তেন্তে ৫ বছৰ কাৰাদণ্ডৰ লগতে জৰিমনাৰ পৰিমান ১০ লাখৰ পৰা ৫০ লাখলৈ বৃদ্ধি কৰা হ’ব। উল্লেখ্য যে, এই বিধেয়কখন বৰ্তমান লোকসভাতহে গৃহীত হৈছে। ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতে এই বিধেয়কখন আইনত পৰিণত হ’ব।

আইন ভংগকাৰীয়ে এনেকুৱা শাস্তি পাব

এই বিধেয়ক অনুসৰি চাৰ্ভিছ প্ৰভাইডাৰ্ছে ১০লাখ টকাৰ জৰিমনাৰ লগতে সৰ্বাধিক ২বছৰৰ কাৰাদণ্ড বিহা হ’ব। একেধৰণে চেলিব্ৰেটি সকলে ১০লাখ টকালৈকে জৰিমনা ভৰিব লগা হ’ব পাৰে। বাৰে বাৰে একেই ভুল কৰিলে কৰ্তৃপক্ষই তেওঁলোকৰ ওপৰত ৫০লাখ টকাৰ জৰিমনা বিহাৰ লগতে ৫বছৰ পৰ্যন্ত শাস্তি প্ৰদান কৰিব পাৰে।

কেৱল ইমানেই নহয় চেলিব্ৰেটিসকলক বিজ্ঞাপন এন্ডৰ্স কৰাৰ ক্ষেত্ৰতো এক বছৰৰ বাধা আৰোপ কৰাৰ লগতে ভুলৰ পুনৰাবৃত্তি কৰিলে এই নিষেধাজ্ঞা ৩বছৰলৈকে বৃদ্ধি কৰা হ’ব পাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি