গ্ৰুপ কেপ্টেইন অভিনন্দনক নজনা মানুহ খুব কমেই আছে। তেওঁৰ বীৰত্ব গাথা এতিয়া সকলোৰে মুখে মুখে। কেপ্টেইন অভিনন্দন তেওঁ গোঁফৰ বাবেও বিখ্যাত। গোঁফত যেন লুকাই আছে তেওঁৰ বীৰত্বৰ নিচান। কিন্তু এই গোঁফ ( Mustache) নকল কৰি বিপদত পৰিল এগৰাকী আৰক্ষী কনিষ্টবল (Constable)।
ঘটনাটো ভূপালৰ (Bhopal)। অলপতে আৰক্ষী কনিষ্টবল ৰাকেশ ৰাণাই গোঁফৰ বাবেই চাকৰিৰ পৰা নিলম্বিত হয়। তেওঁ গোঁফ ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন অভিনন্দনৰ দৰে ৰাখিছিল। সহযোগীসকলেও তেওঁ অভিনন্দন নামেৰে মাতিছিল। কিন্তু তেওঁৰ গোঁফ কৰ্তৃপক্ষৰ পছন্দ নহ'ল আৰু গোঁফৰ বাবেই চাকৰিৰ পৰা নিলম্বন হ'বলগীয়া হ'ল তেওঁ।
কৰ্তৃপক্ষৰ মতে, কনিষ্টবল ৰাকেশ ৰাণাই গোঁফ কাটিবলৈ দিয়া আদেশ পালন নকৰা বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে (allegation of indiscipline)। মহানিৰ্দেশকৰ চালক ৰূপে থকা ৰাকেশৰ টাৰ্নআউট চেক কৰাৰ সময়ত তেওঁৰ চুলি আৰু গোঁফৰ অনুপযুক্ততা বিচাৰি পোৱাত তেওঁক এইক্ষেত্ৰত সকীয়াই দিয়া হয়। গোঁফ আৰু চুলি চুটি কৰাৰ বাবে দিয়া নিৰ্দেশ পলকতে উৰাই দি ৰাকেশে কয়- ''ছাৰ, মই ৰাজপুত (Rajput)। চাকৰি থাকক বা নাথাকক। মই গোঁফ কাটিব নোৱাৰিম। ছাৰ, পুলিচৰ চাকৰিত গোঁফৰ বিশেষ কদৰ আছে।'' প্ৰত্যুত্তৰ শুনি দুদিন পিছতে কৰ্তৃপক্ষই তেওঁক চাকৰিৰ পৰা নিলম্বন কৰে।
নিলম্বনৰ নিৰ্দেশ এআইজি প্ৰশান্ত শৰ্মাই জাৰি কৰে। নিৰ্দেশটোত কোৱা হৈছিল যে এছক'ৰ্ট চালক ৰাকেশ ৰাণাক পৰীক্ষা কৰাত দেখা গৈছিল যে তেওঁৰ চুলি দীঘল হৈছে আৰু গোঁফৰ ডিজাইন অদ্ভুত। ই তেওঁক অত্যন্ত কুৎসিত দেখায়। ৰাকেশক চুলি আৰু গোঁফ সঠিকভাৱে কাটিবলৈ নিৰ্দেশ দিয়া হৈছিল। ৰাকেশে আদেশটো পালন নকৰাত তেওঁক নিলম্বন কৰা হয়। অৱশ্যে ৰাকেশে এই আদেশৰ পিছত কয়, "মহাশয়, মই এজন ৰাজপুত আৰু গোঁফ থকাটো মোৰ গৌৰৱ।"
উল্লেখ্য, উত্তৰ প্ৰদেশৰ মিৰাটত এছ এছ পি প্ৰভাকৰ চৌধুৰীয়ে শেহতীয়াকৈ আকাশ নামৰ এগৰাকী কনিষ্টবলৰ গোঁফ ভাল পাইছিল। তেওঁ আকাশক নগদ ১,০০০ টকাৰ পুৰস্কাৰ আৰু এখন প্ৰশংসাপত্ৰৰে সম্বৰ্ধনা জনায়। কিন্তু ৰাকেশৰ ক্ষেত্ৰত গোঁফৰ বাবে দুৰ্ভাগ্য উপস্থিত হ'ল। নিলম্বন হ'লেও জনতাৰ ৰায় অৱশ্যে গোঁফৰ গৰাকী ৰাকেশৰ প্ৰতিয়ে থকা দেখা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|