আজি মেঘালয় আৰু নাগালেণ্ডৰ নৱনিৰ্বাচিত প্ৰাৰ্থীসকলে শপত গ্ৰহণ কৰিব। দিনৰ ১১ বজাত মেঘালয়ৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান কাৰ্যসূচী আৰম্ভ হ’ব। শ্বিলঙৰ ৰাজভৱনত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। দুয়োখন ৰাজ্যৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব। তেওঁলোকে ত্ৰিপুৰাৰ শপত গ্ৰহণ অনুষ্ঠানতো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ (NDPP) নেফিঅ ৰিঅ' (Neiphiu Rio) আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে নেচনেল পিপলছ পাৰ্টি (NPP)ৰ কনৰাড চাংমাই আজি শপত গ্ৰহণ কৰিব। বিজেপিৰ মানিক সাহাই ফাকুৱাৰ এদিন পিছত অৰ্থাৎ বৃহস্পতিবাৰে ত্ৰিপুৰাত গেৰুৱা দল বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।
মন কৰিবলগীয়া যে, ৰিঅ'ই তেওঁৰ ৰাজ্যত কোনো বিৰোধিতা নোহোৱাকৈ এখন সৰ্বদলীয় চৰকাৰৰ নেতৃত্ব দিব। ইফালে, কেন্দ্ৰীয় চৰকাৰে NSCN (IM)ৰ প্ৰাক্তন বিদ্ৰোহীসকলৰ সৈতে সীমান্ত ৰাজ্যখনত দীৰ্ঘদিন ধৰি প্ৰতীক্ষিত শান্তি চুক্তি চূড়ান্ত কৰাৰ বাবে আলোচনা অব্যাহত ৰাখি আহিছে।
শেহতীয়াকৈ, সমাপ্ত হোৱা নাগালেণ্ড নিৰ্বাচনত NDPP-BJP মিত্ৰজোঁটে ৬০ জনীয়া বিধানসভাত ৩৭ খন আসন লাভ কৰিছিল। পৰৱৰ্তী সময়ত ৰাজ্যখনৰ আন সকলো দলে ৰিঅ' নেতৃত্বাধীন মিত্ৰজোঁটলৈ তেওঁলোকৰ সমৰ্থনপত্ৰ আগবঢ়ায়। নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ পৰা, NDPP আৰু বিজেপি দুয়োজনে ৭২ বৰ্ষীয় ৰিঅ'ক তেওঁলোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল।
আনহাতে, মেঘালয়ত NPP নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছে। বিজেপিৰ দুজন বিধায়কক ধৰি NPP ৰ সমৰ্থনত মুঠ ৪৫ জন বিধায়ক আছে। বিগত ২৭ ফেব্ৰুৱাৰীৰ নিৰ্বাচনত ২৬ খন আসন লাভ কৰা NPPৰ মুৰব্বী কনৰাড কে চাংমাই মঙলবাৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এই শপত গ্ৰহণ অনুষ্ঠানত অন্যান্য কেবিনেট মন্ত্ৰীসকলেও হিচাপে শপত ল’ব।
উল্লেখনীয় যে, ৮ মাৰ্চত ত্ৰিপুৰা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান হ’ব। ত্ৰিপুৰাত বিজেপিয়ে কৈছিল যে ইয়াৰ নেতা মানিক সাহাই মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থাকিব। সোমবাৰে আগৰতলাত বিজেপি বিধায়িনী দলৰ এখন সভাত সাহাক মুখ্যমন্ত্ৰী হিচাপে নামাকৰণ কৰা হৈছিল। শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিয়ে ৬০ জনীয়া ত্ৰিপুৰা বিধানসভাত ৩২ খন আসন লাভ কৰাৰ লগতে ইয়াৰ সহযোগী দল ইণ্ডিজেনাছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (IPFT)এ এখন আসন লাভ কৰিছিল।
জানিব পৰা মতে, নৱগঠিত বিধানসভাৰ অধ্যক্ষ ৯ মাৰ্চত এক বিশেষ সদন অধিৱেশনৰ সময়ত নিৰ্বাচিত হ'ব।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 07, 2023, 09:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।