কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (CWC Meeting) গুৰুত্বপূৰ্ণ বৈঠক নতুন দিল্লীত। ইয়াতে কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন অধ্যক্ষ ছোনীয়া গান্ধীয়ে পদত্যাগ কৰিছে। তেওঁ দলক নতুন পাৰ্টী অধ্যক্ষ বাচনি কৰিবলৈ অনুৰোধ কৰিছে। এই বৈঠকৰ এদিন পূৰ্বে ২৩জন জ্যেষ্ঠ কংগ্ৰেছীয়ে ছোনীয়া গান্ধীলৈ নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল। এই কথাটোত ক্ষুব্ধ হৈ ৰাহুল গান্ধীয়ে ২৩জন নেতাৰ সমালোচনা কৰি কৈছে যে এইসকল নেতাই বিজেপিৰ সৈতে হলিগলি কৰিছে।
কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে দলৰ নেতৃত্ব পৰিৱৰ্তনৰ আহ্বানক গ্ৰহণ কৰিব নোৱাৰি পত্ৰ লিখা ২৩জন জ্যেষ্ঠ কংগ্ৰেছীক আক্ৰমণ কৰে। তেওঁৰ মতে, যি সময়ত দলে ৰাজস্থান আৰু মধ্যপ্ৰদেশত বিৰোধী শক্তিৰ সৈতে যুঁজি আছে আৰু ছোনীয়া গান্ধী অসুস্থ সেইসময়ত এই পত্ৰখন কিয় লিখা হ’ল।
নেতত্বক লৈ কংগ্ৰেছৰ দুটা শিবিৰ গঠন হোৱাৰ কাৰণে পাৰ্টীৰ সৰ্বোচ্ছ নীতি নিৰ্ধাৰণ গোট চিডব্লিউচিৰ বৈঠক ভিডিও কনফাৰেন্সৰ যোগেৰে হৈছে। চিডব্লিউচিৰ বৈঠকৰ এদিন পূৰ্বে দলৰ ভিতৰচৰাত ধুমুহাৰ সৃষ্টি হৈছিল যেতিয়া ছোনীয়া গান্ধীলৈ দলৰ অধ্যক্ষৰ পৰা তলৰ পৰ্যায়লৈকে পৰিৱৰ্তন বিচাৰি ২৩জন জ্যেষ্ঠ কংগ্ৰেছী নেতাকৈ পত্ৰ লিখিছিল।
কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠকত গান্ধী পৰিয়ালৰ ‘যুৱৰাজ’ ৰাহুল গান্ধীৰ এই অভিযোগৰ পিছত আহত হৈছে কেইবাজনো জ্যেষ্ঠ নেতা। সূত্ৰমতে গুলাম নবী আজাদে এই কথাৰ কাৰণে পদত্যাগ আগবঢ়াইছে। আনহাতে জ্যেষ্ঠ নেতা কপিল ছিবালে টুইট কৰি খেদ প্ৰকাশ কৰিছে।
অৱশ্যে এই পত্ৰৰ পিছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, ছট্টীশগঢ়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল সহ পাৰ্টীৰ কেইবাজনো জ্যেষ্ঠ তথা যুৱ নেতাই ৰাহুল গান্ধী তথা ছোনীয়া গান্ধীৰ নেতৃত্বলৈ আস্থা প্ৰদৰ্শন কৰিছিল।
অৱশ্যে শেহতীয়াকৈ কপিল ছিবালে তেওঁৰ টুইট ডিলিট কৰিছে।
![]()
ৰাহুল গান্ধীয়ে ব্যক্তিগতভাৱে তেনেকুৱা মন্তব্য কৰা নাই বুলি জনোৱাৰ কথা কৈ কপিল ছিবালে সেই টুইট প্ৰত্যাহাৰ কৰাৰ কথা কৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|