পদত্যাগ কৰিবনে ৰাহুল গান্ধীয়ে? CWCৰ বৈঠক অব্যাহত

ৰাহুল গান্ধীৰ নেতৃত্বত দলটোৰ এনে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ব বুলি কেতিয়াও ভৱা নাছিল কংগ্ৰেছে। কিহৰ বাবে দলটোৰ এই দুৰৱস্থা হ’ল তাৰ কাৰণ বিশ্লেষণ কৰিবলৈ আৰু আগন্তুক সময়ত ৰণনীতি কি হ’ব সেয়া আলোচনা কৰিবলৈ দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠক।

News18-Assam
Updated:May 25, 2019, 12:17 PM IST
পদত্যাগ কৰিবনে ৰাহুল গান্ধীয়ে? CWCৰ বৈঠক অব্যাহত
ৰাহুল গান্ধীৰ নেতৃত্বত দলটোৰ এনে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ব বুলি কেতিয়াও ভৱা নাছিল কংগ্ৰেছে। কিহৰ বাবে দলটোৰ এই দুৰৱস্থা হ’ল তাৰ কাৰণ বিশ্লেষণ কৰিবলৈ আৰু আগন্তুক সময়ত ৰণনীতি কি হ’ব সেয়া আলোচনা কৰিবলৈ দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠক।
News18-Assam
Updated: May 25, 2019, 12:17 PM IST
লোকসভা নিৰ্বাচনত লজ্জাজনক পৰাজয়ৰ পিছত আত্মসমালোচনা কৰিবলৈ বাধ্য হৈছে কংগ্ৰেছ দল। ৰাহুল গান্ধীৰ নেতৃত্বত দলটোৰ এনে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ব বুলি কেতিয়াও ভৱা নাছিল কংগ্ৰেছে। কিহৰ বাবে দলটোৰ এই দুৰৱস্থা হ’ল তাৰ কাৰণ বিশ্লেষণ কৰিবলৈ আৰু আগন্তুক সময়ত ৰণনীতি কি হ’ব সেয়া আলোচনা কৰিবলৈ দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠক।

এই বৈঠকত উপস্থিত আছে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং, পি এল পুনিয়াৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা। ৰাহুল গান্ধীৰ পদত্যাগৰ বিষয়টোক লৈও আলোচনা কৰাৰ সম্ভাৱনা আছে এই বৈঠকত।

ইফালে, লোকসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা NDAৰ নৱনিৰ্বাচিত সাংসদসকলে শনিবাৰে আনুষ্ঠানিকভাৱে নৰেন্দ্ৰ মোদীক নেতা হিচাপে নিৰ্বাচিত কৰিব। সন্ধিয়া সংসদৰ চেন্ট্রেল হলত অনুষ্ঠিত হ’ব এক বৈঠক। ইয়াৰ পূৰ্বে পৃথকভাৱে সাংসদসকল মিলিত হ’ব এক বৈঠকত। নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ সাংসদসকলক সম্বোধন কৰাৰো সম্ভাৱনা আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি