ৰাহুল গান্ধীৰ পদত্যাগ ৰখাবলৈ আত্মহত্যাৰ অপচেষ্টা এজন কংগ্ৰেছ কৰ্মীৰ

দিল্লীৰ এজন কংগ্ৰেছ কৰ্মীয়ে দলীয় কাৰ্যালয়ৰ বাহিৰত চিপ লোৱাৰ চেষ্টা কৰে।

news18
Updated:July 2, 2019, 4:59 PM IST
ৰাহুল গান্ধীৰ পদত্যাগ ৰখাবলৈ আত্মহত্যাৰ অপচেষ্টা এজন কংগ্ৰেছ কৰ্মীৰ
দিল্লীৰ এজন কংগ্ৰেছ কৰ্মীয়ে দলীয় কাৰ্যালয়ৰ বাহিৰত চিপ লোৱাৰ চেষ্টা কৰে।
news18
Updated: July 2, 2019, 4:59 PM IST
লোকসভা নিৰ্বাচনত কংগ্ৰেছ বিধ্বস্ত হোৱাৰ দায়িত্ব কান্ধ পাতি লৈ দলৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে। ফলাফল ঘোষণাৰ পিছৰে পৰা ৰাহুল গান্ধীৰ পদত্যাগক লৈ জল্পনা কল্পনা চলিছিল যদিও দলৰ শীৰ্ষ নেতাসকলে এই কথা প্ৰথমে নস্যাৎ কৰিছিল। কিন্তু সময়ত এই জল্পনা কল্পনাক সত্য প্ৰমাণিত কৰি ৰাহুল গান্ধীয়ে কেৱল পদত্যাগ কৰাই নহয় এই সিদ্ধান্তত অটল হৈ আছে।



ৰাহুল গান্ধীৰ এই অলৰ স্থিতিয়ে দলৰ জ্যেষ্ঠ নেতাসকলৰ লগতে তৃণমূল কৰ্মীসকলকো প্ৰভাৱিত কৰিছে। ৰাহুল গান্ধীৰ পদত্যাগৰ সিদ্ধান্তই দিল্লীৰ এজন কংগ্ৰেছ কৰ্মীৰ মনত ইমানেই আঘাত দিলে যে তেওঁ দিল্লীত কংগ্ৰেছৰ কাৰ্যালয়ৰ বাহিৰত আত্মহত্যাৰ অপচেষ্টা চলায়। ৰাহুল গান্ধীয়ে পদত্যাগ উঠাই নল’লে আত্মহত্যা কৰাৰ ঘোষণা কৰিছে কৰ্মীজনে।

কংগ্ৰেছ কাৰ্যালয়ৰ বাহিৰত চিপ লৈ আত্মহত্যা কৰা কৰ্মীজনক কোনোমতে বাধা দিয়া হয়। লোকসভা নিৰ্বাচনত ৩০০ৰো অধিক আসন লাভ কৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ এতিয়া জয় জয় ময় ময় অৱস্থা। দেশজুৰি শোচনীয় অৱস্থা কংগ্ৰেছৰ। ইয়াৰ বাবেই নেতৃত্বৰ আসনৰ পৰা আঁতৰিব খুজিছে ৰাহুল গান্ধীয়ে। উল্লেখযোগ্য যে তামিল ছুপাৰষ্টাৰ ৰজনীকান্তে এই প্ৰসংগত টুইট কৰি ৰাহুল গান্ধী আঁতৰিলে কংগ্ৰেছৰ অৱস্থা আৰু বেয়া হোৱাৰ আশংকা স্পষ্টকৈ প্ৰকাশ কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি