মোদীৰ ‘মন কী বাত’ ক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ ‘দেশ কী বাত’!

শণিবাৰ পৰা কংগ্ৰেছে ছচিয়েল মিডিয়া প্লেট ফৰ্মত আৰম্ভ কৰিছে দেশ কী বাত

News18-Assam
Updated:October 26, 2019, 1:53 PM IST
মোদীৰ ‘মন কী বাত’ ক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ ‘দেশ কী বাত’!
শণিবাৰ পৰা কংগ্ৰেছে ছচিয়েল মিডিয়া প্লেট ফৰ্মত আৰম্ভ কৰিছে দেশ কী বাত
News18-Assam
Updated: October 26, 2019, 1:53 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক অন্যতম জনপ্ৰিয় অনুষ্ঠান ‘মন কী বাত’। মন কী বাতৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ সৰ্বসাধাৰণ লোকৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাও কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ২০১৪ ত দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছৰ পৰাই  নৰেন্দ্ৰ মোদীয়ে ৰেডিঅ’ত মন কী বাত অনুষ্ঠান চলাই আহিছে। কিন্তু মোদীৰ এই মন কী বাতক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কংগ্ৰেছ দল। প্ৰধানমন্ত্ৰীৰ মোদীৰ মন কী বাতৰ দৰে কংগ্ৰেছে আৰম্ভ কৰিব ‘দেশ কী বাত’। শনিবাৰ পৰা কংগ্ৰেছে ছচিয়েল মিডিয়া প্লেট ফৰ্মত আৰম্ভ কৰিছে দেশ কী বাত।


দেশবাসীৰ সমস্যা, কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতা, দেশৰ শেহতীয়া পৰিস্থিত যেনে, অৰ্থনৈতিক মন্দাৱস্থা, নিবনুৱা সমস্যা, কৃষিৰ সমস্যা, বাঢ়ি অহা অপৰাধ জনীত সমস্যাৰ ওপৰত প্ৰথম অৱস্থাত দেশ কী বাত অনুষ্ঠানৰ কাৰ্যসূচী চলাই নিব কংগ্ৰেছ দলে।
আৰু চাওক পৰৱৰ্তী বাতৰি