মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Mundra Port Drugs Case : গুজৰাটৰ মুন্দ্ৰা বন্দৰত বিশাল পৰিমাণৰ হেৰ'ইন জব্দৰ ঘটনাত সৰৱ কংগ্ৰেছ, আঁৰত কোন আছে বুলি বিজেপি চৰকাৰক আক্ৰমণ

Mundra Port Drugs Case : গুজৰাটৰ মুন্দ্ৰা বন্দৰত বিশাল পৰিমাণৰ হেৰ'ইন জব্দৰ ঘটনাত সৰৱ কংগ্ৰেছ, আঁৰত কোন আছে বুলি বিজেপি চৰকাৰক আক্ৰমণ

News18 Assam | News18-Assam
Updated:September 22, 2021, 7:02 PM IST
Mundra Port Drugs Case : গুজৰাটৰ মুন্দ্ৰা বন্দৰত বিশাল পৰিমাণৰ হেৰ'ইন জব্দৰ ঘটনাত সৰৱ কংগ্ৰেছ, আঁৰত কোন আছে বুলি বিজেপি চৰকাৰক আক্ৰমণ
ৰণদীপ সুৰাজেৱালাই দাবী কৰে যে উচ্চতম ন্যায়ালয়ৰ এজন বৰ্তমানৰ ন্যায়াধীশৰ নেতৃত্বত এটা আয়োগ গঠন কৰি এই ড্ৰাগছ কাণ্ডৰ বিষয়টো উচিত তদন্ত কৰিব লাগে।

ৰণদীপ সুৰাজেৱালাই দাবী কৰে যে উচ্চতম ন্যায়ালয়ৰ এজন বৰ্তমানৰ ন্যায়াধীশৰ নেতৃত্বত এটা আয়োগ গঠন কৰি এই ড্ৰাগছ কাণ্ডৰ বিষয়টো উচিত তদন্ত কৰিব লাগে।

  • News18 Assam
  • Last Updated: September 22, 2021, 7:02 PM IST
  • Share this:
গুজৰাটৰ বন্দৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱা কাণ্ডত কেন্দ্ৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ প্ৰশ্ন যে কাৰ স্বাৰ্থত দেশলৈ ড্ৰাগছ চোৰাংকৈ অনা হয়। কংগ্ৰেছ নেতা আৰু মুখপাত্ৰ ৰণদীপ সুৰজেৱালা (Randeep Surjewala)ই বুধবাৰে এখন সংবাদমেলত এই বিষয়টো উত্থাপন কৰিছিল।

উল্লেখ্য যে গুজৰাট (Gujarat )ৰ মুন্দ্ৰা বন্দৰ (Mundra port)ত বৃহৎ পৰিমাণৰ ড্ৰাগছ (drugs ) জব্দ কৰাৰ পিছতে এই ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ আঁৰত কোন আছে বুলি বিজেপি (BJP ) চৰকাৰক আক্ৰমণ কৰিছে কংগ্ৰেছ দলে (Congress party)। সুৰজেৱালাই দেশৰ অনুসন্ধানকাৰী সংস্থা (investigative agencies)সমূহলৈও আঙুলি টোৱাইছে যিসকল এই ড্ৰাগছৰ চোৰাং বেহা বন্ধ কৰিবলৈ আচলতে দায়বদ্ধ। সুৰজেৱালাৰ প্ৰশ্ন- এই সন্দৰ্ভত আদানি মুন্দ্ৰা বন্দৰ (Adani Mundra Port)ৰ তদন্ত কিয় কৰা হোৱা নাছিল।

সুৰাজেৱালাই আকৌ কয় যে বন্দৰত জব্দ কৰা হেৰ'ইনৰ মূল্য ২১,০০০ কোটি টকা, যি এতিয়ালৈকে দেশত জব্দ কৰা ড্ৰাগছৰ ভিতৰত সৰ্ববৃহৎ। তেওঁ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (Narcotics Control Bureau), ইডি (ED), ডিআৰআই (DRI) আদিৰ দৰে ড্ৰাগছ সৰবৰাহ বন্ধ কৰিবলৈ দায়বদ্ধ বিভিন্ন চৰকাৰী সংস্থাৰ বিৰুদ্ধেও আঙুলি টোৱাইছে। তেওঁ কয় যে ড্ৰাগছৰ চোৰাং বেহাই দেশৰ যুৱ প্ৰজন্মক ধ্বংস কৰি আছে । শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে এই বছৰৰ জুলাইত ২৫০০ কোটি টকাতকৈও অধিক মূল্যৰ ৩৫৪ কিলোগ্ৰাম হেৰ'ইন জব্দ কৰিছিল। তেওঁ দাবী কৰে যে এই বৃহৎ ড্ৰাগছ চোৰাং ব্যৱসায়ৰ আঁৰত থকাসকলৰ মুখা খুলিব লাগে। .

সুৰাজেৱালাই অভিযোগ কৰে যে ১,৭৫,০০০ কোটি টকাৰ ২৫০০ কিলোগ্ৰাম হেৰ'ইনৰ এই পৰ্যন্ত কোনো শুংসূত্ৰ বিচাৰি পোৱা নাই। তেওঁ কয় যে এই বৃহৎ পৰিমাণে হেৰ'ইন উদ্ধাৰৰ ঘটনাই ভাৰত বিৰোধী শক্তিসমূহ (anti-India elements)ৰ জঘন্য অভিসন্ধি উন্মোচিত কৰিছে আৰু ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰাপত্তা (national security)ৰ সৈতে আপোচ কৰা হৈছে, কিয়নো এই ড্ৰাগছৰ মূল আফগানিস্তান (Afghanistan)ৰ তালিবান (Taliban)ৰ সৈতে সংলগ্ন হৈ আছে।

সুৰাজেৱালাই দাবী কৰে যে উচ্চতম ন্যায়ালয়ৰ এজন বৰ্তমানৰ ন্যায়াধীশৰ নেতৃত্বত এটা আয়োগ গঠন কৰি এই ড্ৰাগছ কাণ্ডৰ বিষয়টো উচিত তদন্ত কৰিব লাগে।
Published by: Manjumoni Borah
First published: September 22, 2021, 7:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি