নেচনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধীক আজি পুনৰ ইডিয়ে জেৰা কৰিব। ছোনিয়া গান্ধীক ইডিৰ চমৰ বিৰোধিতাৰে আজি দেশজুৰি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। দিল্লীৰ বিজয় চ’কত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ নেতা–কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ সৈতে ৰাহুল গান্ধীকো আটক কৰে।
আৰক্ষীয়ে আটক কৰিবলৈ অহাৰ সময়তে ৰাহুল গান্ধীয়ে মাটিত বহি পৰে। মাতৃৰ বিৰুদ্ধে ইডিৰ চমনৰ বিৰোধিতা কৰে। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে তেওঁক আটক কৰে। এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়, ‘মই কাৰোলৈ ভয় নকৰো। আমাৰ মুখ বন্ধ কৰা হৈছে।’
কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেই কয়, মোদী আৰু অমিত শ্বাহে বিৰোধীক শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে। আমাৰ কণ্ঠৰুদ্ধ কৰিব বিচাৰিছে। আমি ভয় নকৰো। আমি যুঁজি যাম।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|