কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ ২৭ আগষ্টত মৃত্যু হয় আৰু মঙলবাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। ছোনিয়া গান্ধী যোৱা সপ্তাহত মাতৃক সাক্ষাৎ কৰিবলৈ গৈছিল। চিকিৎসা পৰীক্ষাৰ বাবে বিদেশ ভ্ৰমণৰ এটা অংশ আছিল, য’ত তেওঁৰ পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰা তেওঁৰ সৈতে গৈছিল।
ছোনিয়া গান্ধীৰ মাতৃৰ মৃত্যুৰ খবৰটো টুইট কৰিছে কংগ্ৰেছৰ যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে।
ইতিমধ্যে বহিঃৰাজ্যত থকা ছোনিয়া গান্ধী, ৰাহুল আৰু প্ৰিয়ংকাই নিজৰ গৃহ চহৰলৈ গৈছে।
যোৱা কেইবছৰমানৰ পৰা ৰাহুল আৰু প্ৰিয়ংকাই আইতাকৰ ওচৰলৈ কেইবাবাৰো আহিছে। ২০২০ চনত যেতিয়া ৰাহুল গান্ধীয়ে সঘনাই বিদেশ ভ্ৰমণৰ বাবে কিছু সমালোচনাৰ সন্মুখীন হৈছিল, তেতিয়া দলটোৱে কৈছিল যে তেওঁ “এজন অসুস্থ আত্মীয়”ক লগ কৰিবলৈ ইটালীলৈ ব্যক্তিগত ভ্ৰমণলৈ গৈছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত শোক প্ৰকাশ কৰে। “ছোনিয়া গান্ধী জীৰ মাতৃ শ্ৰীমতী পাওলা মাইনোৰ বিয়োগত সমবেদনা জ্ঞাপন কৰিলোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। এই শোকৰ সময়ত মোৰ সমবেদনা সমগ্ৰ পৰিয়ালৰ সৈতে আছে।’'-এইদৰে লিখিছে প্ৰধানমন্ত্ৰীয়ে।
জে এণ্ড কেৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাইও টুইট কৰি শোক প্ৰকাশ কৰি কয় যে, “মই মোৰ পিতৃ & পৰিয়ালৰ আন সদস্যসকলৰ সৈতে শ্ৰীমতী ছোনিয়া গান্ধী জী, ৰাহুল, প্ৰিয়ংকা আৰু সমগ্ৰ পৰিয়াললৈ শ্ৰীমতী গান্ধীৰ মাতৃৰ দুখজনক মৃত্যুৰ বাবে আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। শ্ৰীমতী মাইনোৰ আত্মাই চিৰশান্তি লাভ কৰক।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|