Sonia Gandhi|Congress: পাঁচখন ৰাজ্যত কংগ্ৰেছৰ সংগঠন শক্তিশালী কৰিবলৈ প্ৰদেশৰ কংগ্ৰেছৰ সভাপতিসকলক পদত্যাগ কৰিবলৈ কোৱা হৈছে।
উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, গোৱা আৰু মণিপুৰৰ বিধানসভা নিৰ্বাচন (5 State Election)ত শোচনীয় পৰাজয়ৰ পিছত, কংগ্ৰেছ (Congress)ত এক অস্থিৰতাৰ সময় আৰম্ভ হৈছে। পৰাজিত হোৱা পাঁচোখন ৰাজ্যৰ কংগ্ৰেছ সভাপতিৰ পৰা পদত্যাগ পত্ৰ দাবী কৰিলে ছোনিয়া গান্ধী (Sonia Gandhi)য়ে। ৰণদ্বীপ সূৰ্জেৱালাই কোৱা মতে এই পাঁচখন ৰাজ্যত কংগ্ৰেছৰ সংগঠন শক্তিশালী কৰিবলৈ প্ৰদেশৰ কংগ্ৰেছৰ সভাপতিসকলক পদত্যাগ কৰিবলৈ কোৱা হৈছে।
উল্লেখ্য যে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত লজ্জাজনক পৰাজয়ৰ সন্মুখিন হৈছিল কংগ্ৰেছ দল। কোনো এখন ৰাজ্যতে ২০ৰ দেওনা পাৰ কৰিব নোৱাৰিলে দলটোৱে। উত্তৰপ্ৰদেশ (Uttar Pradesh)ত মাত্ৰ ২খন আসনতহে কোনোমতে বিজয়ী হৈ শূণ্যৰ ঘৰত প্ৰবেশ নঘটাকৈ থাকিল কংগ্ৰেছৰ।
পৰাজয়ৰ পিছত কংগ্ৰেছ ৱৰ্কিং কমিটী (Congress Working Committee)ৰ বৈঠক হৈছিল আৰু বৈঠকত ছোনিয়া গান্ধীক পুনৰ কংগ্ৰেছৰ বাঘজৰী চম্ভালিবলৈ দায়িত্ব দিয়া হৈছিল। তাৰ পিছৰে পৰা কংগ্ৰেছৰ শিবিৰত নানান গতিবিধি অব্যাহত আছে আৰু তাৰেই অংশস্বৰূপে আজি ছোনিয়া গান্ধীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিসকলৰ পৰা পদত্যাগ পত্ৰ (Resignation) বিচাৰিছে। ইয়াৰ ভিতৰত পঞ্জাৱ (Punjab)ৰ সভাপতি নৱজোত সিং সিদ্ধু (Navjot Singh Sidhu)ৰো নাম আছে। পঞ্জাৱৰ ১১৭খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ ১৮খন।
আনহাতে উত্তৰাখণ্ড (Uttarkhand)ৰ ৭০খন আসনৰ ভিতৰত মাত্ৰ ১৯খন আসনতহে জয়ী হৈছিল কংগ্ৰেছ। ইয়াৰ উপৰি মণিপুৰ (manipur)ত ৬০খনৰ ভিতৰত ৫খন আৰু গোৱা (Goa)ত ৪০খনৰ ভিতৰত ১১খন আসনত জয়ী হৈছিল কংগ্ৰেছ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|