কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী কোৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আশুআৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে তেওঁৰ আশু আৰোগ্য কামনা কৰে।
ছোনিয়া গান্ধীয়ে (Sonia Gandhi) কোৰোনাত আক্ৰান্ত হোৱাৰ পিছতে হোম আইছোলেচনত আছে। ৮ জুনত ছোনিয়া গান্ধীক প্ৰৱৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হ'বলৈ চমন পঠিওৱা হৈছিল। কোৰোনাত আক্ৰান্ত হ'লেও ছোনিয়া গান্ধীয়ে ৮ জুনতে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ED) সন্মুখত হাজিৰ হ'ব বুলি জানিবলৈ দিছে। অৱশ্যে এতিয়া কোৰোনাৰ বাবে এয়া সম্ভৱ হয় নে নহয় সেয়া সময়তহে জানিব পৰা যাব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|