ৰাজীৱ গান্ধীক লৈ মন্তব্যঃ প্ৰিয়ংকা গান্ধীয়ে ক’লে শ্বহীদৰ অপমান, ৰাহুলে ক’লে– ‘মোদী জী যুঁজ সমাপ্ত’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল ‘দেশে আপোনাৰ পিতৃক যদিও ‘মিষ্টাৰ ক্লীন’ নামেৰে চিনি পায়, কিন্তু মিষ্টাৰ ক্লীনৰ জীৱনকাল ‘১ নম্বৰ ভ্ৰষ্টাচাৰী’ হিচাপেহে শেষ হৈছিল।’

Dulu Medhi | news18assam
Updated:May 5, 2019, 7:02 PM IST
ৰাজীৱ গান্ধীক লৈ মন্তব্যঃ প্ৰিয়ংকা গান্ধীয়ে ক’লে শ্বহীদৰ অপমান, ৰাহুলে ক’লে– ‘মোদী জী যুঁজ সমাপ্ত’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল ‘দেশে আপোনাৰ পিতৃক যদিও ‘মিষ্টাৰ ক্লীন’ নামেৰে চিনি পায়, কিন্তু মিষ্টাৰ ক্লীনৰ জীৱনকাল ‘১ নম্বৰ ভ্ৰষ্টাচাৰী’ হিচাপেহে শেষ হৈছিল।’
Dulu Medhi | news18assam
Updated: May 5, 2019, 7:02 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ওভতি ধৰিলে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে। উত্তৰ প্ৰদেশৰ এখন ৰেলীত বফৰ্ছ কেলেংকাৰী সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম উচ্চাৰণ নকৰাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে, ‘দেশে আপোনাৰ পিতৃক যদিও ‘মিষ্টাৰ ক্লীন’ নামেৰে চিনি পায়, কিন্তু মিষ্টাৰ ক্লীনৰ জীৱনকাল ‘১ নম্বৰ ভ্ৰষ্টাচাৰী’ হিচাপেহে শেষ হৈছিল।’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য সন্দৰ্ভত ৰাহুল গান্ধীয়ে ক’লে ‘মোদী জী, যুঁজ শেষ হৈছে। আপোনাৰ কৰ্মই আপোনাৰ অপেক্ষা কৰি আছে। তেওঁ ক’লে যে যুঁজত মোৰ পিতৃ টানি আনিলেও আপুনি বাচিব নোৱাৰিব।’ লগতে ৰাহুল গান্ধীয়ে লিখিলে যে, আপোনাক মোৰ তৰফৰ পৰা বহু মৰম দিলো।’

 




প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য সন্দৰ্ভত প্ৰিয়ংকা গান্ধীৰো টিপ্পনী। তেওঁ টুইটাৰযোগে লিখিলে যে– ‘শ্বহীদৰ নামত ভোটভিক্ষা কৰি তেওঁলোকৰ যন্ত্ৰণাক অপমাণিত কৰা মোদীয়ে ৰাজীৱ গান্ধীক অপমান কৰিলে। ইয়াৰ প্ৰত্যুত্তৰ অমেথিৰ জনতাই দিব যাৰ বাবে ৰাজীৱ গান্ধীয়ে নিজৰ বলিদান দিলে। হয় মোদীজী ‘দেশে প্ৰতাৰণাক কেতিয়াও ক্ষমা কৰি নিদিয়ে।’

আৰু চাওক পৰৱৰ্তী বাতৰি