• Home
  • »
  • News
  • »
  • nation
  • »
  • Congress President Election : কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰৰ মনোনয়ন দাখিল, গান্ধী পৰিয়ালৰ নাই কোনো

Congress President Election : কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰৰ মনোনয়ন দাখিল, গান্ধী পৰিয়ালৰ নাই কোনো

নিৰ্বাচনৰ বাবে হঠাতে মঞ্চত প্ৰৱেশ  ঝাৰখণ্ড চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীৰ

নিৰ্বাচনৰ বাবে হঠাতে মঞ্চত প্ৰৱেশ ঝাৰখণ্ড চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীৰ

নিৰ্বাচনৰ বাবে হঠাতে মঞ্চত প্ৰৱেশ ঝাৰখণ্ড চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীৰ

  • Share this:
১৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা শশী থাৰুৰৰ লগতে মনোনয়ন পত্ৰ দাখিল কৰিছে মল্লিকাৰ্জুন খাৰ্গেই। বৃহস্পতিবাৰে মনোনয়ন পত্ৰ লোৱা দিগ্বিজয় সিঙেও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছিল যদিও আজি পুৱা খাৰ্গেক সাক্ষাৎ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ কৰে।

উল্লেখ্য, কংগ্ৰেছৰ নতুন সভাপতি বাছনিৰ বাবে ২০ বছৰ পিছত নিৰ্বাচন অনুষ্ঠিত হ'ব। লক্ষণীয়ভাৱে এই নিৰ্বাচনত অন্তৰ্ভুক্ত নাই গান্ধী পৰিয়ালৰ কোনো সদস্য। দুবাৰকৈ লোকসভা নিৰ্বাচনত পৰাজয়ৰ বৰণ কৰাৰ পিছত ৰাহুল গান্ধীয়ে কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লোৱাৰ পিছত এনেদৰে নিৰ্বাচনী প্ৰক্ৰিয়া (Congress President Election) আৰম্ভ কৰা হয়।

এতিয়া নিৰ্বাচনৰ বাবে খাৰ্গে, থাৰুৰৰ লগতে ঝাৰখণ্ড চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীয়েও কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। ত্ৰিপাঠী চৰ্চাত নাছিল যদিও তেওঁ হঠাতে মঞ্চত ভুমুকি মাৰে।  শুকুৰবাৰে নতুন দিল্লীত ত্ৰিপাঠীয়ে মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰাৰ পিছতে তেওঁ কয়- ''দলীয় নেতাসকলৰ যিয়েই সিদ্ধান্ত নকৰক কিয় সন্মান কৰা হ’ব।"
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি