• Home
  • »
  • News
  • »
  • nation
  • »
  • Goa Congress Crisis : গোৱাত কংগ্ৰেছৰ অৰ্ধেক বিধায়কৰ দলত্যাগৰ কুচকাৱাজ, মাইকেল লোবোক আঁতৰালে বিৰোধী দলপতিৰ পৰা

Goa Congress Crisis : গোৱাত কংগ্ৰেছৰ অৰ্ধেক বিধায়কৰ দলত্যাগৰ কুচকাৱাজ, মাইকেল লোবোক আঁতৰালে বিৰোধী দলপতিৰ পৰা

  • Share this:
গোৱাত পুনৰ কংগ্ৰেছ সমস্যাত পৰা দেখা গৈছে। বিধানসভা নির্বাচনৰ মাত্ৰ ৫ মাহ পিছতে কংগ্ৰেছৰ ১১ বিধায়কৰ ৫গৰাকীয়ে এতিয়া দল সলনিৰ কুচকাৱাজ চলাইছে।

কংগ্ৰেছে এই ৫গৰাকী বিধায়কৰে যোগাযোগ স্থাপন কৰিব পৰা নাই বুলি জানিব পৰা গৈছে। কংগ্ৰেছে দুগৰাকী বিধায়ক ক্ৰমে গোৱা বিধানসভাৰ (Goa assembly) বিৰোধী দলৰ নেতা মাইকেল লোবো আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামাতৰ বিৰুদ্ধে বিজেপিৰ মিত্ৰতাত দলটোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছে ইতিমধ্যে বিৰোধী দলৰ নেতা মাইকেল লোবোক এই পদৰ পৰা আঁতৰাই দিছে।

এই সন্দৰ্ভত কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে মুকুল ৱাচনিকক গোৱালৈ যাবলৈ নিৰ্দেশ দিছে। কংগ্ৰেছ নেতা কে চি বেণুগোপালে এটা টুইটযোগে এই কথা প্ৰকাশ কৰে।

কংগ্ৰেছৰ (National Congress) ফালৰ পৰা জনোৱা মতে, দলৰ পাঁচজন বিধায়ক লোবো (Michael Lobo), কামত, কেদাৰ নায়েক, ৰাজেশ ফালদেশাই আৰু ডেলিয়ালা লোবোৰ সৈতে যোগাযোগ কৰিব পৰা নগ'ল। আন পাঁচজন বিধায়ক, এলটন ডি কষ্টা, সংকল্প আমোনকাৰ, য়ুৰি আলেমাও, কাৰ্লোছ আলভাৰেছ ফেৰেৰা, ৰুডলফ ফাৰ্ণাণ্ডেজ তেওঁলোকৰ সৈতে আছে। ষষ্ঠ বিধায়ক এলেক্সো চিকেৰা দলৰ নেতাসকলৰ সৈতে সম্পৰ্কত আছে আৰু কংগ্ৰেছৰ সৈতে আছে।

এআইচিচি গোৱাৰ ভাৰপ্ৰাপ্ত বিষয়া দিনেশ গুণ্ডু ৰাৱে কয়- ''আমাৰ কেইজনমান নেতাই গোৱাত কংগ্ৰেছ দলক দুৰ্বল কৰিবলৈ আৰু দলত্যাগ কৰাৰ চেষ্টা কৰিবলৈ বিজেপিৰ সৈতে ষড়যন্ত্ৰ কৰিছিল। এই ষড়যন্ত্ৰৰ নেতৃত্ব দিছিল আমাৰ নিজৰ দুজন নেতা মাইকেল লোবো আৰু দিগম্বৰ কামাতে। তেওঁলোক দুয়োজনে বিজেপিৰ সৈতে একেলগে কাম কৰি আছিল। দিগম্বৰ কামাতৰ বিৰুদ্ধে বহুতো গোচৰ ৰুজু কৰা হৈছে, সেয়েহে তেওঁ নিজকে বচাবলৈ এইটো কৰিছিল আৰু মাইকেল লোবোৱে ক্ষমতা আৰু স্থিতিৰ বাবে এই পদক্ষেপ লৈছিল। আমি সোনকালেই এজন নতুন নেতা নিৰ্বাচিত কৰিম। এনে দলত্যাগৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব।''

উল্লেখ্য, গোৱা কংগ্ৰেছত এই ধাৰা পূৰ্বৰ পৰা চলি আছে। ৩ বছৰ পূৰ্বেও কংগ্ৰেছৰ ১০গৰাকী বিধায়ক বিজেপিত যোগদান কৰিছিল।
Published by:Gautam Barman
First published: