உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Prashant Kishore Congress Meeting: প্ৰশান্ত কিশোৰৰ যাদুৱে কিদৰে সহায় কৰিব কংগ্ৰেছক? গান্ধীৰ অন্তিম ভৰষা এইবাৰ PK!

    Prashant Kishore Congress Meeting: প্ৰশান্ত কিশোৰৰ যাদুৱে কিদৰে সহায় কৰিব কংগ্ৰেছক? গান্ধীৰ অন্তিম ভৰষা এইবাৰ PK!

    কংগ্ৰেছে এই সময়ত তেওঁলোকৰ হেৰুওৱা গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ বিভিন্ন কৰ্মপন্থা হাতত লৈছে। কাষ চাপিছে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰ্তা প্ৰশান্ত কিশোৰৰো।

    কংগ্ৰেছে এই সময়ত তেওঁলোকৰ হেৰুওৱা গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ বিভিন্ন কৰ্মপন্থা হাতত লৈছে। কাষ চাপিছে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰ্তা প্ৰশান্ত কিশোৰৰো।

    কংগ্ৰেছে এই সময়ত তেওঁলোকৰ হেৰুওৱা গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ বিভিন্ন কৰ্মপন্থা হাতত লৈছে। কাষ চাপিছে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰ্তা প্ৰশান্ত কিশোৰৰো।

    • Share this:
    ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনী বিপৰ্যয়ৰ পিছত এই প্ৰশান্ত কিশোৰকে কাঠগড়াত উঠাইছিল একাংশ কংগ্ৰেছ নেতাই। কিন্তু এতিয়া কংগ্ৰেছৰ ইমানেই বেয়া অৱস্থা যে, সকলো পুৰণি তিক্ততাপূৰ্ণ অভিজ্ঞতা পাহৰি কাষ চাপিছে প্ৰশান্ত কিশোৰৰে।

    প্ৰথমে ভবা হৈছিল যে, মঙলবাৰে ৰাহুল, প্ৰিয়ংকা, ছোনিয়া আৰু প্ৰশান্ত কিশোৰৰ মাজত হোৱা বৈঠকৰ মূল কাৰ্যসূচী আছিল উত্তৰ প্ৰদেশ আৰু পঞ্জাৱ নিৰ্বাচনত কংগ্ৰেছৰ ৰণনীতি নিৰ্ধাৰণ কৰা৷ কিন্তু পিছত জানিব পৰা যায় যে, অনুষ্ঠিত বৈঠকৰ প্ৰধান বিষয় আছিল ২০২৪ৰ লোকসভা নিৰ্বাচন। ২০২৪ চনৰ নিৰ্বাচনৰ বাবে বিজেপি বিৰোধী মিত্ৰতাৰ ৰূপৰেখা কি হ'ব আৰু সেই মিত্ৰতাত কংগ্ৰেছে কি ভূমিকা পালন কৰিব পাৰে সেয়া আছিল PK আৰু গান্ধীৰ মাজত হোৱা বৈঠকৰ মূল বিষয়৷

    কেৱল সেয়াই নহয়, ছোনিয়া-প্ৰিয়ংকাইয়ো বৈঠকত প্ৰশান্ত কিশোৰৰ পৰা সেই পৰামৰ্শ বিচাৰিছিল ৷ ২৩ জন ক্ষুব্ধ কংগ্ৰেছ নেতাই পূৰ্বতে ছোনিয়া গান্ধীলৈ লিখা এখন পত্ৰত দাবী কৰিছিল যে, সংগঠন শক্তিশালী নোহোৱা পৰ্যন্ত কংগ্ৰেছ ক্ষমতালৈ ঘূৰি অহাতো অসম্ভৱ।

    ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, কংগ্ৰেছে সময়ৰ সৈতে খোজ মিলোৱাত ব্যৰ্থ হৈছে। বিশেষকৈ ছচিয়েল মিডিয়াত বিজেপিৰ আছে এটা শক্তিশালী কোষ। যিয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ পক্ষত বতাহ তীব্ৰতৰ কৰি কংগ্ৰেছৰ জনসমৰ্থন হ্ৰাস কৰাত মুখ্য ভূমিকা পালন কৰি আহিছে।

    আনহাতে যেতিয়া কংগ্ৰেছ নেতৃত্বই ছচিয়েল মিডিয়াৰ গুৰুত্ব বুজি পাইছিল, তেতিয়ালৈ বহু পলম হৈ গৈছিল।বহু ক্ষেত্ৰত, এনে লাগিছিল যে, কংগ্ৰেছৰ নেতাসকলে কোনটো ইছ্যুক হাথিয়াৰ হিচাপে লৈ বিজেপিক আক্ৰমণ কৰিব, সেইলৈ স্থিতি স্পষ্ট নাছিল। জিতেন প্ৰসাদ আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে যুৱ নেতাৰ দলত্যাগেও বিভিন্ন ৰাজ্যত কংগ্ৰেছক বিপৰ্যয়ৰ মাজলৈ ঠেলি দিছিল।

    আৰু এনে সময়তে কংগ্ৰেছ নেতৃত্বৰ সৈতে প্ৰশান্ত কিশোৰৰ হোৱা বৈঠকে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে। ইফালে প্ৰশান্ত কিশোৰৰ ঘনিষ্ঠ মহলৰ পৰা জানিব পৰা মতে, কংগ্ৰেছকলৈ পিকেৰ মনোভাব বিশেষ ইতিবাচক নহয়।
    Published by:Himangshu Bhuyan
    First published: