মুখ্যপৃষ্ঠা »খবৰ »দেশ »‘কংগ্ৰেছত অতিথি শিল্পী হিচাপে সোমাইছিল শশী থাৰুৰ, এতিয়াও অতিথি শিল্পী হৈয়ে থাকিল’- কংগ্ৰেছীয়েই যেন এতিয়া কংগ্ৰেছীৰ ৰাজনৈতিক শত্ৰু!

‘কংগ্ৰেছত অতিথি শিল্পী হিচাপে সোমাইছিল শশী থাৰুৰ, এতিয়াও অতিথি শিল্পী হৈয়ে থাকিল’- কংগ্ৰেছীয়েই যেন এতিয়া কংগ্ৰেছীৰ ৰাজনৈতিক শত্ৰু!

Source-Google

Source-Google

কেৰালাৰ সাংসদ কে সুৰেশে এনেদৰে উপলুঙা কৰে জনপ্ৰিয় সাংসদগৰাকীক।

  • Share this:
‘শশী থাৰুৰে কংগ্ৰেছ দলত ২০০৯ চনত অতিথি শিল্পী হিচাপে যোগদান কৰিছিল আৰু সুদীৰ্ঘ ১১ বছৰৰ অন্তটো তেওঁ অতিথি শিল্পী হৈয়েই থাকিল। প্ৰখৰ বুদ্ধিমত্তাৰ বাবে তেওঁ আন্তৰ্জাতিক নাগৰিক হোৱাৰ সন্মান লাভ কৰিব পাৰে কিন্তু তেওঁ ৰাজনৈতিক ভাৱে কেতিয়াও পৰিপক্ক হৈ নুঠিল। তেওঁ দলীয় অনুশাসনৰ মাজত থাকি কোনো দিন আচৰণ কৰিবলৈ নিশিকিলে।’- কোনো বিৰোধী নেতাই নহয়, নিজৰ দলৰ সতীৰ্থই এইবাৰ এনেদৰে ইতিকিং কৰিলে কংগ্ৰেছৰ লোকসভাৰ সাংসদগৰাকীক। কেৰালাৰ কংগ্ৰেছী সাংসদ কে সুৰেশে এনেদৰে উপলুঙা কৰে জনপ্ৰিয় সাংসদগৰাকীক।

কোচিত সাংবাদিকক সম্বোধন কৰি কে সুৰেশে থাৰুৰৰ সন্দৰ্ভত এনেধৰণৰ মন্তব্য আগবঢ়ায়। থাৰুৰে ভালকৈ পৰ্যালোচনা নকৰাকৈ পদক্ষেপ গ্ৰহণ কৰে বুলিও মন্তব্য কৰে সতীৰ্থ সাংসদজনে। কে সুৰেশ হ’ল লোকসভাত কংগ্ৰেছ দলৰ চীফ হুইপ।

উল্লেখযোগ্য যে, কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ স্থায়ী আৰু কাৰ্যক্ষম নেতৃত্ব বিচাৰি লিখা পত্ৰত থাৰুৰেও আন ২২ গৰাকী দলৰ জ্যেষ্ঠ নেতাৰ লগতে স্বাক্ষৰ কৰিছিল।

শেহতীয়া বাতৰি