• Home
  • »
  • News
  • »
  • nation
  • »
  • Manish Tewari : পাকিস্তানৰ বিৰুদ্ধে ২৬/১১ৰ প্ৰতিশোধ লোৱাত ভাৰতীয় সেনাক কিয় বাধা দিছিল মনমোহন সিং চৰকাৰে, কংগ্ৰেছ নেতা মণিষ তিৱাৰীৰ গ্ৰন্থত মনমোহন সিং চৰকাৰক সমালোচনা

Manish Tewari : পাকিস্তানৰ বিৰুদ্ধে ২৬/১১ৰ প্ৰতিশোধ লোৱাত ভাৰতীয় সেনাক কিয় বাধা দিছিল মনমোহন সিং চৰকাৰে, কংগ্ৰেছ নেতা মণিষ তিৱাৰীৰ গ্ৰন্থত মনমোহন সিং চৰকাৰক সমালোচনা

India News in Assamese- বিজেপিৰ মতে কংগ্ৰেছৰ ব্যৰ্থতাৰ দলিল উদঙাইছে খোদ কংগ্ৰেছ নেতাই

India News in Assamese- বিজেপিৰ মতে কংগ্ৰেছৰ ব্যৰ্থতাৰ দলিল উদঙাইছে খোদ কংগ্ৰেছ নেতাই

India News in Assamese- বিজেপিৰ মতে কংগ্ৰেছৰ ব্যৰ্থতাৰ দলিল উদঙাইছে খোদ কংগ্ৰেছ নেতাই

  • Share this:
India News in Assamese- ২৬/১১ৰ (26/11 Terror Attack)প্ৰতিশোধ লোৱাৰ সলনি মনমোহন সিং (Dr Manmohan Singh) নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে সংযমী হোৱাটো অনুচিত আছিল। এয়া আছিল মনমোহন সিং চৰকাৰৰ দুৰ্বলতাৰ প্ৰমাণ।  এই মন্তব্য খোদ কংগ্ৰেছ (Congress)ৰ এগৰাকী জ্যেষ্ঠ নেতাৰ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা জি-২৩ৰ সদস্য মণিষ তিৱাৰী (Manish Tewari)ৰ নতুন গ্ৰন্থ 'টেন ফ্লেছ পইণ্ট' (10 Flashpoints; 20 Years)ত এই মন্তব্য কৰিছে নেতাগৰাকীয়ে। ইতিমধ্যে তেঁওৰ গ্ৰন্থখনৰ এই মন্তব্য সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে বিজেপি (BJP)য়ে পুনৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছক।

বিজেপিৰ মতে এয়া হৈছে কংগ্ৰেছৰ ব্যৰ্থতাৰ স্বীকাৰোক্তি যিটো খোদ এগৰাকী কংগ্ৰেছ নেতাই অকপটে স্বীকাৰ কৰিছে। কংগ্ৰেছ নেতা মণিষ তিৱাৰীয়ে লগতে তেঁওৰ গ্ৰন্থখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক সমালোচনা কৰি কৈছে, ভাৰতীয় সেনা প্ৰত্যাক্ৰমণৰ বাবে সম্পূৰ্ণ সাঁজু হৈ আছিল। কিন্তু কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে (UPA Govt) সেনাক ইয়াৰ অনুমতি প্ৰদান নকৰিলে। মণিষ তিৱাৰীয়ে লগতে বিগত কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয়, নিৰ্দোষী মানুহক হত্যা কৰাৰ বিৰুদ্ধে সংযম নহয় প্ৰত্যাক্ৰমণৰহে প্ৰয়োজন আছিল। কিন্তু সেয়া মনমোহন সিঙে কৰা নাছিল।

উল্লেখযোগ্য যে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী মণিষ তিৱাৰীয়ে ইয়াৰ পূৰ্বেও নেতৃত্বৰ বিৰুদ্ধে সংবাদ মাধ্যমত অসন্তুষ্টি ব্যক্ত কৰিছিল। কিন্তু ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতো নিশ্চুপ হৈ থকা বুলি কংগ্ৰেছৰে এগৰাকী নেতাই কৰা অভিযোগে পুনৰ শলঠেকত পেলাইছে দলটোৰ শীৰ্ষ নেতৃত্বক।
Published by:Manjumoni Borah
First published: