মহাৰাষ্ট্ৰৰ কংগ্ৰেছী বিধায়কৰ খং! চৰকাৰী বিষয়াৰ গাত ঢালিলে বোকা! চাওক ভিডিঅ’

News18-Assam
Updated:July 4, 2019, 3:52 PM IST
মহাৰাষ্ট্ৰৰ কংগ্ৰেছী বিধায়কৰ খং! চৰকাৰী বিষয়াৰ গাত ঢালিলে বোকা! চাওক ভিডিঅ’
মহাৰাষ্ট্ৰ–গোৱা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ পৰিপৰ্দশনৰ সময়ত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা বিধায়ক নিতেশ ৰানেই পথৰ দুৰৱস্থাৰ দেখি অভিযন্তাৰ গাত ঢালিলে বোকা!

মহাৰাষ্ট্ৰ–গোৱা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ পৰিপৰ্দশনৰ সময়ত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা বিধায়ক নিতেশ ৰানেই পথৰ দুৰৱস্থাৰ দেখি অভিযন্তাৰ গাত ঢালিলে বোকা!

  • Share this:
মহাৰাষ্ট্ৰৰ বিধায়ক তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ন ৰানেৰ পুত্ৰ নিতেশ ৰানেই কৰ্মৰত অৱস্থাত থকা চৰকাৰী অভিযন্তাৰ গাত ঢালিলে বোকা।বৃহস্পতিবাৰে একাংশ সমৰ্থক সহ মুম্বাই–গোৱা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰিবলৈ গৈছিল বিধায়কজন। কিন্তু  ব্যস্ত পথটোৰ দুৰৱস্থা দেখি খঙত অগ্নিশৰ্মা হৈ পৰে বিধায়কগৰাকী। খঙৰ ভমকত অভিযন্তাগৰাকীৰ শৰীৰত বোকা ঢালি দিয়ে বিধায়কগৰাকীৰ লগতে তেওঁৰ সমৰ্থক সকলে। পিছত অভিযন্তাগৰাকীক শাৰীৰিক ভাৱে অপদস্থও কৰে বিধায়কগৰাকীয়ে।

বিধায়কগৰাকীয়ে এনেদৰে ৰাজহুৱা স্থানত এগৰাকী চৰকাৰী বিষয়াক শাৰীৰিক ভাৱে অপদস্থ কৰা কাৰ্যই চাৰিওফালে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ছচিয়েল মিডিয়াতো এতিয়া ভাইৰেল হৈ পৰিছে ঘটনাটোৰ ভিডিঅ’।

First published: July 4, 2019, 3:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading