• Home
  • »
  • News
  • »
  • nation
  • »
  • NDAক উত্তৰ দিবলৈ কংগ্ৰেছৰ ৫২ সাংসদেই যথেষ্টঃ ৰাহুল গান্ধী

NDAক উত্তৰ দিবলৈ কংগ্ৰেছৰ ৫২ সাংসদেই যথেষ্টঃ ৰাহুল গান্ধী

নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হ’ল ৰাহুল গান্ধী। কংগ্ৰেছ কৰ্মীক প্ৰতিদিনে চৰকাৰৰ বিৰুদ্ধে যুঁজাৰ আহ্বান।

  • Share this:
    লোকসভা নিৰ্বাচনত বিজেপিৰ হাতত বৃৃহৎ পৰাজয়বৰণ কৰা কংগ্ৰেছে এতিয়া প্ৰতিদিনে দলৰ হেৰুৱা গৌৰব উদ্ধাৰৰ বাবে কৰিছে চিন্তা চৰ্চা। ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলৰ সভাপতি পদ ত্যাগ কৰিবলৈ দলৰ ‘হাইকামাণ্ড’ক প্ৰস্তাৱ দিয়া নাটকখনৰ অৱসান ঘটাৰ পিছত শণিবাৰে অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ সংসদীয় সমিতিৰ বৈঠক। বৈঠকতে ছোনীয়া গান্ধীক কংগ্ৰেছ সংসদীয় সমিতিৰ নেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়। অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ বৈঠকত ৰাহুল গান্ধীয়ে প্ৰদান কৰা ভাষণে এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা। বৈঠকত ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱা ৫২ জন সাংসদে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিদিনে যুঁজি যাব। বিজেপি চৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈ দলৰ ৫২ গৰকী সাংসদেই যথেষ্ট।

    ইয়াৰ উপৰিও কংগ্ৰেছ দলৰ সভাপতিজনে  কংগ্ৰেছ দলৰ প্ৰতিগৰাকী কৰ্মীক ভাৰতৰ সংবিধান, দেশৰ প্ৰতিজন নাগৰিকৰ অধিকাৰৰ কাৰণে যুঁজ দি যাবলৈ আহ্বান জনায়। আজি অনুষ্ঠিত হোৱা বৈঠকত ছোনীয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, গোলাম নবী আজাদৰ দৰে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা সকল উপস্থিত থাকে।
    Published by:Dulu Medhi
    First published:

    শেহতীয়া বাতৰি