মুখ্যপৃষ্ঠা »খবৰ »দেশ »Sukhvinder Singh Sukhu : হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৰ

Sukhvinder Singh Sukhu : হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৰ

হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৬৮খন আসনৰ ভিতৰত ৪০খন আসন লাভ কৰিছিল কংগ্ৰেছে

হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৬৮খন আসনৰ ভিতৰত ৪০খন আসন লাভ কৰিছিল কংগ্ৰেছে

হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৬৮খন আসনৰ ভিতৰত ৪০খন আসন লাভ কৰিছিল কংগ্ৰেছে

  • Share this:

দেওবাৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৱে। আনহাতে মুকেশ অগ্নিহোত্ৰীয়ে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।


চিমলাৰ ঐতিহাসিক ৰিজ ময়দানত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। শপত গ্ৰহণ অনুষ্ঠানত দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱদ্ৰাকে ধৰি আন জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে। হিমাচল প্ৰদেশ পুনৰ ক্ষমতালৈ অহাৰ বাবে কংগ্ৰেছত এক উৎসাহৰ পৰিৱেশ পৰিলক্ষিত হয়।


সম্প্ৰতি ৰাজ্যখনত মুখ্যমন্ত্ৰীকে ধৰি সৰ্বাধিক কেবিনেট মন্ত্ৰীৰ সংখ্যা ১২জন হ’ব। পিছত কেবিনেট সম্প্ৰসাৰণ কৰা হ’ব। উল্লেখ্য, কংগ্ৰেছে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৬৮খন আসনৰ ভিতৰত ৪০খন আসন লাভ কৰি ভাৰতীয় জনতা পাৰ্টীক ক্ষমতাৰ পৰা উৎখাত কৰিছে। ১২ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত বৃহস্পতিবাৰে ফলাফল ঘোষণা কৰা হয়।

শেহতীয়া বাতৰি