உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ৩৭০ অনুচ্ছেদ বাতিলৰ ফলত এতিয়া কংগ্ৰছ দলত বিভাজন!

    ৩৭০ অনুচ্ছেদ বাতিলৰ ফলত এতিয়া কংগ্ৰছ দলত বিভাজন!

    source- Google

    source- Google

    জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫(A) প্ৰত্যাহাৰ কৰি ৰাজ্য পুনৰ্গঠন প্ৰসংগই এতিয়া কংগ্ৰেছৰ দলক দুভাগত বিভক্ত কৰিলে’!

    • Share this:
      বিপদে লগ এৰা নাই দেশৰ শতিকা পুৰণি ৰাজনৈতিক দল কংগ্ৰেছৰ। সেমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী  অমিত শ্বাহে জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭০ আৰু ৩৫(A) বাতিল আৰু কাশ্মীৰ পুণৰ গঠন বিষয়তো উত্থাপন কৰাৰ পিছতে সংসদত তীব্ৰ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছ দলে চৰকাৰৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰাৰ সময়তে বিষয়টোৱে এতিয়া দুভাগত বিভক্ত কৰিলে কংগ্ৰেছ দলক।



      সোমবাৰে জম্মু-কাশ্মীৰত ধাৰা ৩৭০ আৰু ৩৫এ প্ৰত্যাহাৰ কৰি ৰাজ্য পুনৰ্গঠন প্ৰসংগৰ বিষয়টোকলৈ কংগ্ৰেছৰ মাজত দুটা গোটৰ সৃষ্টি হোৱা দেখা গ’ল। ৰাজ্যসভাত কংগ্ৰেছে ভুৱনেশ্বৰ কলিতাক  হুইপ জাৰি কৰিবলৈ কোৱাৰ পিছত কাশ্মীৰ প্ৰসংগত দলৰ স্থিতিক সমালোচনা কৰি  ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। এতিয়া কলিতাই কংগ্ৰেছ দল ত্যাগ কৰিব বুলিও চলিছে চৰ্চা।



      ৩৭০ প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে যদিও দলৰ একাংশ নেতাই দলীয় লাইনৰ পৰা আঁতৰি মতামত পোষণ কৰিছে। কংগ্ৰেছৰ প্ৰাক্তন সাংসদ দ্বীপেন্দ্ৰ সিং হুদা আৰু মুম্বাই কংগ্ৰেছৰ অধ্যক্ষ মিলিন্দ দেওৰাই ৩৭০ অনুচ্ছেদ বাতিল কৰা বিষয়ত নৰেন্দ্ৰ মোদী চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰিছে। ইপিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জনাৰ্দন দ্বিবেদীয়েও ৩৭০ প্ৰত্যাহাৰক আদৰণি জনাইছে।
      First published: